অসম

assam

ETV Bharat / state

Pranjal Moran death case: তিনিচুকীয়াৰ সাহসী মহিলা উৰ্ৱশী মৰাণ সংস্থাপনৰ দিশে - pranjal moran who went missing on ledu coal mine

তিনিচুকীয়াৰ সাহসী মহিলা উৰ্ৱশী মৰাণ সংস্থাপনৰ দিশে ৷ দুবছৰীয়া সন্তানক কোলাত লৈ স্বামীৰ মৃত্যুৰ ন্যায় বিচাৰি তোলপাৰ লগাইছিল ৰাজ্যজুৰি ।

assam sensational pranjal moran death case
স্বামীৰ মৃত্যুৰ পিচত কিছু সকাহ

By

Published : Jul 28, 2023, 6:11 PM IST

স্বামীৰ মৃত্যুৰ পিচত কিছু সকাহ

তিনিচুকীয়া, ২৮ জুলাই :তিনিচুকীয়া জিলাৰ লিডু কয়লাখনিত আজিৰ পৰা ৭ মাহৰ পূৰ্বে সন্ধানহীন হৈ পৰিছিল মাকুম শুকানী গাঁৱৰ যুৱক প্ৰাঞ্জল মৰাণ । সন্ধানহীন স্বামীৰ সন্ধান বিচাৰি প্ৰাঞ্জল মৰাণৰ পত্নী ঘুৰি ফুৰিছিল আৰক্ষী থানাই থানাই, চৰকাৰী বিভাগীয় কাৰ্যালয়ে কাৰ্যালয়ে । সমগ্ৰ ঘটনাৰ বাতৰি আমি Etv Bharat য়ে প্ৰথমৰ পৰাই সম্প্ৰচাৰিত কৰি আহিছিলো ।

প্ৰাঞ্জল মৰাণ লিডু কয়লাখনিত সন্ধানহীন হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতেই DGP জি পি সিঙৰ দৃষ্টিগোচৰ হয় আৰু সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে দায়িত্ব অৰ্পণ কৰে IGP জিৎমল দলেক । পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত সাত দিনৰ ভিতৰতেই প্ৰাঞ্জল মৰাণৰ মৃতদেহ এটা বস্তাত ভিতৰত উদ্ধাৰ হয় লিডু কয়লাখনিত ।

ইফালে, স্থানীয় দল সংগঠন তথা সচেতন লোকসকলে শিশুটিৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত উৰ্ৱশী মৰাণক সংস্থাপন আৰু শিশুটিৰ ভৱিষ্যতৰ বাবে আৰ্থিক সাহায্যৰ দাবী তুলিছিল । দল সংগঠনৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই উৰ্ৱশী মৰাণক আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছিল গুৱাহাটীলৈ । মন্ত্ৰী পীযুষ হাজৰীকাই ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ লগত আন এজন বিধায়কৰ উপস্থিতিত উৰ্ৱশী মৰাণৰ লগত এক আলোচনা মিলিত হয় ৷ উক্ত আলোচনাতেই উৰ্ৱশী মৰাণক চৰকাৰীভাৱে সংস্থাপন আৰু শিশুটিৰ নামত এটা গোটা পৰিমাণৰ আৰ্থিক সাহায্য ফিক্সড ডিপ’জিট কৰি দিয়াৰ লগতে পত্নী উৰ্ৱশী মৰাণে চলিব পৰাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷

তাৰ পাচতে আৰ্থিক সাহায্যৰ বিষয়টো বিধায়ক বলিন চেতিয়াৰ নেতৃত্বত সমাধান কৰাৰ লগতে সংস্থাপনৰ দিশটো বিধায়ক সুৰেণ ফুকনৰ নেতৃত্বত সমাধান কৰাৰ আশ্বাস দিছিল মন্ত্ৰী পীযুষ হাজৰীকাই ৷ সেই অনুসৰি বিধায়ক সুৰেণ ফুকনে উৰ্ৱশী মৰাণক জানিবলৈ দিয়া অনুসৰি হয়টো আগষ্ট মাহৰ আৰম্ভণিৰে পৰা যোগদান কৰিব পাৰিব চৰকাৰী চাকৰিত ৷ ইয়াৰ পাচতে আৰ্থিক সাহায্য প্ৰদান আৰু সংস্থাপনৰ দাবী দুটা পূৰণ হ’ব উৰ্ৱশী মৰাণৰ লগতে বিভিন্ন দল সংগঠনৰ ৷

এইক্ষেত্ৰত উৰ্ৱশী মৰাণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত জনাই যে, লিডু কয়লাখনিৰ কয়লা মাফিয়া বি গণেশক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত স্বামীৰ ন্যায় বিচাৰি যুঁজ দি থাকিব । সমান্তৰালভাৱে আৰম্ভণিৰে পৰা উৰ্ৱশী মৰাণৰ সৈতে যুঁজত আগভাগ লোৱা যুৱ নেতা উমানন্দ মুদৈ মৰাণেও উৰ্ৱশী মৰাণৰ ন্যায়ৰ ক্ষেত্ৰত আগভাগ লোৱা প্ৰতিগৰাকী ব্যক্তিলৈ ধন্যবাদ জনোৱাৰ লগতে প্ৰাঞ্জল মৰাণৰ হত্যাৰ সৈতে জড়িত এজাহাৰত নাম উল্লেখ থকা বি গণেশক কিন্তু এবাৰো আটক কৰিব নোৱৰাটো আচৰিত বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :Pranjal Moran Missing case: লিডুৰ কয়লাখনিত সন্ধানহীন প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত প্ৰতিবাদত বহিল পত্নী

ABOUT THE AUTHOR

...view details