অসম

assam

ETV Bharat / state

তিনিচুকীয়াৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘালৰ

সোমবাৰে নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘাল উপস্থিত হয় ৰাজ্যৰ বাণিজ্যিক চহৰ (commercial town) তিনিচুকীয়াত ৷ জিলাখনৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়ৰ ওপৰত তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ৷

urban-development-minister-ashok-singhal-in-tinsukia
সোমবাৰে তিনিচুকীয়াত উপস্থিত হ’ল নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল

By

Published : Jun 15, 2021, 2:30 PM IST

তিনিচুকীয়া,15 জুন : সোমবাৰে তিনিচুকীয়াত উপস্থিত হ’ল নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘাল(urban development minister ashok singhal) । জিলাখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ(dc office tinisukia) সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ প্ৰশাসনীক বিষয়ৰ সৈতে এক আলোচনাত মিলিত হয় । ইয়াৰ পিছতেই বিভাগীয় মন্ত্ৰী গৰাকীয়ে তিনিচুকীয়াৰ পৌৰসভাৰ কাৰ্যালয়(tinisukia municipality board office) পৰিদৰ্শন কৰে ।

ইফালে, তিনিচুকীয়া চহৰখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে যিসমূহ ঠাইত ষ্ট্ৰীট লাইট নাই, সেইসমূহ ঠাইত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাৰ কথা অৱগত কৰাৰ লগতে পৌৰসভাৰ আন্তঃগাঁ‌থনি উন্নত কৰা আৰু ৱাৰ্ডৰ সংখ্যা ১৫ টাৰ পৰা বৃদ্ধি কৰা আৰু স্বচ্ছ ভাৰত মিচনৰ সফল ৰূপায়ণ কৰাৰ লগতে নলা-নৰ্দমা নথকাৰ ঠাইসমূহত নল-নৰ্দমাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ।

তিনিচুকীয়াৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘালৰ

ইফালে, মাইক্ৰ’ফাইনেঞ্চৰ ওপৰত শেহতীয়া ব্যৱস্থাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ঋণ ৰেহাইৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংক(RBI) ৰ নীতি-নিৰ্দেশনাৰ মতেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় মন্ত্ৰী গৰাকীয়ে । মন্ত্ৰীগৰাকীৰ সৈতে এই সময়চোৱাত উপস্থিত থাকে শ্ৰম তথা চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ ।

লগতে পঢ়ক :উদালীৰ চিকিৎসক নিগ্ৰহ কাণ্ড: দুই অভিযুক্তই কৰিলে আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details