অসম

assam

Baghjan gas leakage: পুনৰাবৃত্তি হ'ব নেকি বাঘজান কাণ্ডৰ !

By

Published : Mar 9, 2023, 12:07 PM IST

তিনিচুকীয়াৰ বাঘজানৰ তৈলকূপত অভাৱনীয় পৰিস্থিতি । পাইপ ফাটি অহৰহ গেছ নিৰ্গত হোৱাৰ পাছতে অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰে (Tense situation in Baghjan)। অইল কৰ্তৃপক্ষক তীব্ৰ সমালোচনা বাঘজানবাসীৰ ।

Baghjan gas leakage
পুনৰাবৃত্তি হ'ব নেকি বাঘজান কাণ্ডৰ

পুনৰাবৃত্তি হ'ব নেকি বাঘজান কাণ্ডৰ

তিনিচুকীয়া, ৯ মাৰ্চ :তিনিচুকীয়াৰ বাঘজানৰ তৈলকূপত অঘটন (Accident at Baghjan oil well)। ধুঁৱলি-কুঁৱলি হৈ পৰে সমগ্ৰ অঞ্চল । বাঘজান কাণ্ডৰ পুনৰাবৃত্তি হোৱা আশংকা ৰাইজৰ । যাক লৈ সমগ্ৰ অঞ্চলতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । জানিব পৰা মতে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত বি জি আই (BGI) তৈল কূপটোত সংঘটিত হয় ঘটনাটো ।

ঘটনাৰ বিৱৰণি অনুসৰি, সিন্ধু নামৰ প্ৰতিষ্ঠানটোৱে নতুনকৈ ড্ৰিলিং কৰি থকা তৈলকূপটোত পাইপেৰে অহৰহভাৱে গেছ, কণ্ডেনছেটজাতীয় পদাৰ্থ হঠাতে নিৰ্গত হয় ফলত চৌদিশে ঘন কুঁৱলীৰে আৱৰি ধৰাৰ দৰে পৰিবেশৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত অইল ইণ্ডিয়া লিমিটেডৰ তৎপৰতাত কূপটোত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে । ফলত এক বৃহৎ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে বাঘজান অঞ্চল ৷

কূপটো নিয়ন্ত্ৰণলৈ আহে যদিও স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ পুনৰ বাঘজান কাণ্ড সংঘটিত হ'ব নেকি বুলি ৰাইজ শংকিত হৈ পৰে (Unprecedented situation after gas leakage)। ৰাইজৰ মনত বহু প্ৰশ্ন, পুনৰ জ্বলিব নেকি বাঘজানবাসীৰ মৰমৰ ঘৰসমূহ ? অইলৰ বাবেই শেষ হ'ব নেকি বাঘজান ?

কেনেকৈ এই কূপটোত ঘটনাটো সংঘটিত হ'ল এতিয়ালৈকে অইল ইণ্ডিয়া কতৃপক্ষই জানিবলৈ দিয়া নাই যদিও এক সূত্ৰৰ তথ্য অনুসৰি তৈল কূপটোত এডাল গেছ পাইপ হঠাৎ ফাটি যোৱাৰ ফলতেই অঞ্চলটোত গেছ বিয়পি পৰিছিল ৷ উক্ত ঘটনাৰ পাছতে বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘই এই সন্দৰ্ভত বাঘজানবাসীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদৰ পাছতে তৈলকূপটোৰ সমীপতেই নিশা গাঁওবাসী আৰু জিলা প্ৰশাসনৰ মাজত এক বৈঠক অনুষ্ঠিত হয় ৷ আলোচনাত তৈল প্ৰতিষ্ঠানটোৱে প্ৰথম সুৰক্ষাৰ ব্যৱস্থা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপন কৰে ৷ কূপটোত এম্বুলেন্সৰ লগতে দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন প্ৰতিটো সময়তে সাজু কৰি ৰখাৰ দাবী গাঁওবাসীৰ (Panic situation in Baghjan after gas leakage)। অন্যথা বাঘজানত অইল নিসিদ্ধ ঘোষণা কৰিবলৈ বাধ্য হ'ব ৷

উল্লেখ্য যে, কিছু বছৰ পূৰ্বে বাঘজান কাণ্ড সংঘটিত হোৱা বি জি আৰ -৫ (BGR-5) তৈল কূপটোৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰৈত পুনৰ খনন কৰিছিল । ভূ-গৰ্ভত গেছৰ অত্যাধিক চাপৰ ফলতেই সংঘটিত হৈছিল বাঘজান কাণ্ড, য'ত দুজনকৈ অইল ইণ্ডিয়া লিমিটেডৰ শ্ৰমিকে প্ৰাণ হেৰুওৱাৰ লগতে বাঘজান গাঁও জ্বলি প্ৰায় ভস্মীভূত হৈছিল (Baghjan tragedy)৷

সেই ভয়ংকৰ পৰিস্থিতিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নৌহওতেই পুনৰ সংঘটিত হোৱা অঘটনটোৱে চিন্তিত কৰি তুলিছে গাঁওবাসীক ৷ সেয়ে বাঘজান কাণ্ডৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলোৱে অইল ইণ্ডিয়া লিমিটেড, জিলা প্ৰশাসনক আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক :Devi Dol in crisis: বাহনে খুন্দিয়াই ভাগিলে দেৱীদৌলৰ ঐতিহাসিক গম্বুজ

ABOUT THE AUTHOR

...view details