তিনিচুকীয়া, 21 জুলাই : তিনিচুকীয়া চহৰৰ সমীপৰ শুকানপুখুৰীৰ চাহ বাগিচাৰ 12 নং লাইনৰ এটা উন্মুক্ত দ’ নলাত বুধবাৰে উদ্ধাৰ হয় এক অচিনাক্ত লোকৰ মৃতদেহ ৷ ইয়াক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, অচিনাক্ত লোকজনৰ মৃতদেহ পানীত উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
স্থানীয় লোক আৰু শুকানপুখুৰী আঞ্চলিক যুৱ সংঘই অভিযোগ কৰা অনুসৰি শুকানপুখুৰী চাহ বাগিচা কৰ্তৃপক্ষই 12 নং লাইনত এক প্ৰকাণ্ড নলা খন্দাত নলাটো সম্প্ৰতি পানীৰে উপচি পৰি মৰণফান্দলৈ পৰিণত হৈছে । বাগিচা কৰ্তৃপক্ষই কি উদ্দেশ্যে এই নলাটো খান্দিলে সেয়া জনা নাযায় যদিও মানুহ অহা-যোৱা কৰা পথৰ গাতে লাগি খন্দা এই উন্মুক্ত নলাত কোনো বেৰা তথা সুৰক্ষাৰ ব্যৱস্থা নথকা বাবেই পানীৰে উপচি পৰা নলাটোত অসাৱধানবশতঃ পৰি লোকজনৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে দাবী কৰে ।