তিনিচুকীয়া, 21 মাৰ্চ : ৰাজ্যৰ ভাৰতীয় জনতা দলৰ কেইবাগৰাকীও বিধায়কক সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) ৰ তৰফৰ ধন দাবী কৰা অভিযোগ উত্থাপিত হৈছে । চৰ্চিত যে কেইবাগৰাকী বিধায়কলৈ ধনদাবী পত্ৰ প্ৰেৰণ কৰাৰ লগতে ফোনযোগে দাবী কৰা ধনৰ পৰিমাণ সোনকালে আদায় দিয়াৰ সকীয়নি আলফা (স্বা) ৰ পৰা প্ৰদান কৰা হৈছে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে ৷ ধন দাবী পত্ৰ লাভ কৰাৰ পিছতে একাংশ বিধায়কে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে আৰু আৰক্ষী সঞ্চালকগৰাকীয়ে আলফা (স্বা)ক দাবী কৰা ধন নিদিবলৈ বিধায়কসকলক কয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (ULFA demands money from MLA) ।
উল্লেখযোগ্য যে বিধায়কসকলৰ পৰা ৪০ লাখ টকাৰ পৰা ৫ কোটি টকা পৰ্যন্ত দাবী কৰাৰ কথা চৰ্চিত হৈছে ৷ তাৰ পাছতে আজি সংগঠনটোৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃত্তি প্ৰেৰণ কৰি বিধায়কক ধন দাবী কৰাৰ বিষয়টো অস্বীকাৰ কৰে আলফা (স্বা) য়ে ৷ আলফা(স্বা) ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ স্বাক্ষৰিত প্ৰেছ বিবৃত্তিটোত উল্লেখ আছে যে, বিগত কিছুদিন ধৰি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে ৰাজ্যৰ বিজেপি বিধায়কক ধন দাবী কৰা বুলি অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে । প্ৰচাৰিত হোৱা বাতৰিত উজনিৰ মুষ্টিমেয় কেইগৰাকীমান বিধায়কৰ বিষয়ে উল্লেখ কৰা হৈছে । সংযুক্ত মুক্তি বাহিনী, অসমে জনপ্ৰতিনিধিৰ পৰা আৰ্থিক অনুদান বিচাৰিব লগা হ'লে উজনি-নামনি ভাগ নকৰি সমগ্ৰ অসমৰ বিধায়কলৈ পত্ৰ প্ৰেৰণ কৰিলেহেঁতেন বুলি বিবৃত্তিযোগে সংগঠনটোৱে স্পষ্ট কৰি দিয়ে (ULFA Reaction on demands money from MLA) ।