ডিগবৈ, 14 মে' : ডিগবৈত গ্ৰেনেড বিস্ফোৰণৰ পাছতেই প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা(স্বা) এ ৷ শুকুৰবাৰে ডিগবৈ আৰক্ষী চকীৰ অন্তৰ্গত টিংৰাই বজাৰত সংঘটিত বোমা বিস্ফোৰণৰ সৈতে সংযুক্ত মুক্তি বাহিনী,অসম (স্বা) সংগঠন কোনো প্ৰকাৰে জড়িত নহয় বুলি বিবৃতিখনত উল্লেখ কৰে ৷
বিবৃতিখনত আলফা(স্বা) উল্লেখ কৰি কয় যে, ‘কৰ'ণা মহামাৰীৰ দুৰ্যোগৰ সময়ত নৱ গঠিত অসম চৰকাৰখনক বিপদত পেলোৱা তথা সংযুক্ত মুক্তি বাহিনী, অসম (স্বা) সংগঠনৰ শেহতীয়া জনকল্যাণমূলক কাৰ্যকলাপত অসমৰ ৰাইজৰ বিপুল সহাৰিৰ প্ৰত্যক্ষ কৰি কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰিছে । কিয়নো বিগত 11 মে' তাৰিখে জাগুনৰ সমীপত বুঢ়ীদিহিং নৈৰ পাৰতো অনুৰূপ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল । ইয়াৰোপৰি বিগত বৰ্ষত সেনা আৰক্ষীয়ে অসমৰ বিভিন্ন অঞ্চলৰ থলগিৰি মানুহৰ ঘৰত বোমা সংস্থাপন কৰি আলফা সদস্য সজোৱাৰ প্ৰমাণ পোৱা যায় ।’