অসম

assam

ETV Bharat / state

কাকপথাৰত আলফা আলোচনা পন্থীৰ সংবাদমেল : জীতেন দত্তৰ মুক্তিৰ দাবী - আলফা নেতা অণ্টু চাওদাং

অন্টু চাওদাঙে বৰ্তমান সময়ত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ যো-জা চলোৱা সকলকো সুবিধাবাদী বুলি উল্লেখ কৰে ৷ আঞ্চলিক ৰাজনৈতিক দল অগপৰ কাৰ্য অসমবাসীয়ে দেখিছে গতিকে নতুন ৰাজনৈতিক দলৰ অসমত কোনো প্ৰয়োজন নথকাৰ কথা উল্লেখ কৰে আলফা স্বাধীনৰ নেতাগৰাকীয়ে ৷

Ulfa press meet kakopather camp
কাকপথাৰত আলফা আলোচনা পন্থীৰ সংবাদমেল

By

Published : Dec 30, 2019, 6:22 PM IST

কাকপথাৰ, 30 ডিচেম্বৰঃ সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ৰ আলোচনা পন্থীৰ এখন সংবাদ মেল কাকপথাৰ শিবিৰত অনুষ্ঠিত হয় ৷ আলোচনাপন্থী আলফা নেতা অন্টু চাওদাঙ উপস্থিত থকা সংবাদমেলত জিতেন দত্তক বিনাচৰ্তে মুক্তি দিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান জনায় ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবেই ৰাইজক উচতনি দিয়া বুলি জিতেন দত্তক গ্ৰেপ্তাৰ কৰাতো দুভাগ্যজনক বুলি উল্লেখ কৰে নেতাজনে ৷ ৰাজ্য চৰকাৰৰ পুলিচ বাহিনীয়ে প্ৰতিবাদকাৰীক গুলিয়াই হত্যা কৰাৰ পিছত শান্তিসমদল উলিওৱা কাৰ্যকো সমালোচনা কৰে অন্টু চাওদাঙে ৷

কাকপথাৰত আলফা আলোচনা পন্থীৰ সংবাদমেল

লগতে অন্টু চাওদাঙে বৰ্তমান সময়ত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ যো-জা চলোৱা সকলকো সুবিধাবাদী বুলি উল্লেখ কৰে ৷ আঞ্চলিক ৰাজনৈতিক দল অগপৰ কাৰ্য অসমবাসীয়ে দেখিছে গতিকে নতুন ৰাজনৈতিক দলৰ অসমত কোনো প্ৰয়োজন নথকাৰ কথা জানিবলৈ দিয়ে ৷ আলফা আলোচনাপন্থীয়ে "কা" সম্পুৰ্ণ বিৰোধ কৰাৰ লগতে ৰাইজক আন্দোলন অধিক তীব্ৰতৰ কৰিবলৈ আহ্বান জনায় ৷ আলফা আলোচনাপন্থীৰ নেতাজনে ৰাজ্য চৰকাৰক জনোৱা আহ্বান ৰাজ্য চৰকাৰে কেনেদৰে গ্ৰহণ কৰে সেইয়া হ'ব লক্ষ্যণীয় ৷

ABOUT THE AUTHOR

...view details