তিনিচুকীয়া, ১৩ নৱেম্বৰ: দৃষ্টি ৰাজখোৱাৰ স্থানত নিযুক্তি দিয়া হ'ল ব্ৰিগেডিয়াৰ মাইকেল ডেকাফুকনক। এতিয়াৰে পৰা ডেকাফুকনে আলফা স্বাধীনৰ উপ-মুখ্য সেনাধ্যক্ষৰ দায়িত্ব পালন কৰিব। জ্যেষ্ঠতাৰ ভিত্তিত পৰেশ বৰুৱাই নিযুক্তি দিছে । ১৯৯৪ চনত আলফাত যোগদান কৰিছিল ব্ৰিগেডিয়াৰ মাইকেল ডেকাফুকনে। তেওঁৰ ঘৰ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত। মাইকেলৰ প্ৰকৃত নাম জয়চন্দ্ৰ দাস ৷
ব্ৰিগেডিয়াৰ মাইকেল ডেকাফুকনক আলফা(স্বা)ৰ উপ-মুখ্য সেনাধ্যক্ষৰ পদত নিযুক্তি - দৃষ্টি ৰাজখোৱা
আলফা স্বাধীনৰ উপ-মুখ্য সেনাধ্যক্ষৰ পদত নিযুক্ত হ'ল ব্ৰিগেডিয়াৰ মাইকেল ডেকাফুকন। ১৯৯৪ চনত আলফাত যোগদান কৰাৰে পৰা সংগঠনৰ স্বাৰ্থত সেৱা আগবঢ়াই আহিছিল । ব্ৰিগেডিয়াৰ মাইকেল ডেকাফুকনক নিযুক্তি দিলে পৰেশ বৰুৱাই।

ব্ৰিগেডিয়াৰ মাইকেল ডেকাফুকনক আলফা(স্বা)ৰ উপ-মুখ্য সেনাধ্যক্ষৰ পদত নিযুক্তি
উল্লেখ্য যে, আলফা স্বাধীনৰ উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই আত্মসমৰ্পণ কৰাৰ পিছৰে পৰা উপ-মুখ্য সেনাধ্যক্ষৰ পদটো খালী হৈ আছিল । আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে নতুন উপ-মুখ্য সেনাধ্যক্ষ নিযুক্তিৰ কথা ৰাজহুৱা কৰে আলফা (স্বা) অসমে ।