অসম

assam

ETV Bharat / state

তিনিচুকীয়াত আলফা(স্বা) লিংকমেন আটক

অসমত বহু শিক্ষিত যুৱকে আলফা স্বাধীনত যোগদান কৰি আহিছে । উজনি অসমত এতিয়াও অব্যাহত আছে যোগদান প্ৰতিক্ৰিয়া ৷ সোমবাৰে সেনা আৰক্ষীয়ে অভিযান চলাই তিনিচুকীয়াত এজন আলফাৰ লিংকমেন আটক কৰে ।

By

Published : Jun 16, 2020, 1:56 PM IST

তিনিচুকীয়াত আলফা(স্বা) লিংকমেন আটক
তিনিচুকীয়াত আলফা(স্বা) লিংকমেন আটক

তিনিচুকীয়া,১৬জুনঃ উজনি অসমত অব্যাহত আছে আলফা(স্বা)যোগদান প্ৰক্ৰিয়া । সোমবাৰে ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আটক কৰে এটা আলফা স্বাধীনৰ লিংকমেন । আটকাধীন লি‌ংকমেনটোক ডিব্ৰুগড় লাহোৱালৰ হৰিজিৎ দাস বুলি জানিব পৰা গৈছে ।

তিনিচুকীয়াত আলফা(স্বা) লিংকমেন আটক
ইপিনে আটকাধীন লিংকমেনটোৱে উজনিৰ বিভিন্ন জিলাৰ যুৱকক প্ৰলোভনেৰে আলফাত যোগদান প্ৰক্ৰিয়া চলাই আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আনহাতেআটক কৰা সময়ত লিংকমেনটোৰ পৰা তিনিটা মেগজিন সহ এটা 0.22MM পিষ্টল , দুখন আলফাৰ পতাকা আৰু তিনিটা ম'বাইল ফোন জব্দ কৰে সেনা আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details