মাৰ্ঘেৰিটা, 23 ডিচেম্বৰঃ সোমবাৰে আলফা নেতা জিতেন দত্তক মাৰ্ঘেৰিটাৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয়৷ আদালাতত উপস্থিত হৈ তেওঁ ভালে আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ লগতে ৰাইজক শান্তিপূৰ্ণভাৱে আন্দোলন চলাই যোৱাৰো আহ্বান জনাই আলফা নেতা গৰাকীয়ে ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত আছিল জিতেন দত্ত ৷
আদালতত হাজিৰ আলফা নেতা জিতেন দত্তক - মাৰ্ঘেৰিটাৰ আৰক্ষী থানা
সোমবাৰে মাৰ্ঘেৰিটাৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় আলফা নেতা জিতেন দত্তক ৷ কিছুদিন পূৰ্বে আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা আটক কৰিছিল আলোচনাপন্থী আলফা নেতা গৰাকীক ৷
জিতেন দত্ত
উল্লেখ্য যে, দেওবাৰে নিশা গুৱাহাটী বিশেষ শাখাই আলফা নেতা গৰাকীক প্ৰথমে মাৰ্ঘেৰিটাৰ আৰক্ষী থানালৈ লৈ আহে ৷ থানাত তেওঁক 4 ঘন্টা জেৰা চলোৱা পাচত মাৰ্ঘেৰিটাৰ এচ ডি জে এম আদালাতত হাজিৰ কৰোৱা হয় ৷ উল্লেখ্য যে, চেক্সন 121(b) ,21 IPCৰ অধীনৰ লগতে আন বহু কেইটা জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আলোচনা পন্থী আলফা নেতা জিতেন দত্তক ৷
লগতে পঢ়ক- গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিবাদ