অসম

assam

জামিন লাভ প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ

By

Published : Jan 4, 2020, 8:40 PM IST

জামিন লাভ কৰিলে প্ৰাক্তন আলফা নেতা জিতেন দত্তই ৷ 5 জানুৱাৰীত মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা জিতেন দত্ত ৷ কা বিৰোধী আন্দোলনত জড়িত থকাৰ অভিযোগৰ লগতে কেবাটাও অভিযোগ গ্ৰেপ্তাৰ কৰিছিল আলফা নেতাগৰাকীক ৷

তিনিচুকীয়া
জামিন লাভ প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ

তিনিচুকীয়া,4 জানুৱাৰীঃশনিবাৰে জামিন লাভ কৰিলে প্ৰাক্তন আলফা নেতা জিতেন দত্তই। তিনিচুকীয়া আৰু মাৰ্ঘেৰিটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰিছে আলফা নেতা গৰাকীৰ। প্ৰাক্তন আলফা নেতা গৰাকীৰ ইতিমধ্যে জামিন মঞ্জুৰ হৈছে যদিও শনিবাৰৰ পৰিৱৰ্তে 5 জানুৱাৰী অৰ্থাৎ দেওবাৰেহে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা জিতেন দত্ত।

জামিন লাভ প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ বাবে তিনিচুকীয়া থানাত কেছ নং ১৯২৪/২০১৯ আৰু ভাৰতীয় দণ্ডবিধি ধাৰা 147/148/149/336/353/332/427 ত আটক কৰিছিল নেতাগৰাকীক ।

লগতে পঢ়কঃ শিৱসাগৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত মানৱ শৃংখল

ABOUT THE AUTHOR

...view details