নিউজ ডেস্ক, 23 জুলাই:আলফা স্বাধীনৰ নামত অসমৰ থলুৱা জনগণক নিৰ্যাতন চলোৱা বন্ধ কৰক। অন্যথা অসম এৰক। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙলৈ এই সকিয়নী আলফা স্বাধীনৰ। আলফাৰ নামত ধনদাবী কৰা তথা আলফাৰ লিংকমেন বুলি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তথা এনকাউণ্টাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে এইদৰে সকীয়নী দি বিবৃত্তি জাৰি কৰিছে আলফা স্বাধীনে।
বিবৃত্তিৰ জৰিয়তে আলফা স্বাধীনে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক শেষ সকীয়নি দিছে। উল্লেখ্য যে দেওবাৰে সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সচিব কেপ্টেইন ৰুমেল অসমৰ এক বিবৃত্তি প্ৰেৰণ কৰিছে। বিবৃত্তিটোত আৰক্ষী সঞ্চালক প্ৰধানক অসমৰ থলগিৰীৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শন বন্ধ কৰিবলৈ সকিয়াই দিয়ে। বিবৃত্তিটোত তিনিচুকীয়া জিলাৰ লাইপুলিত তিনিলাখ টকাসহ আৰক্ষীৰ জালত পৰা পুষ্পাঞ্জলি গগৈ আৰু মৰাণহাট আৰক্ষীয়ে শিৱসাগৰ জিলাৰ গেলেকীৰ হেম চেতিয়া নামৰ লোক গৰাকীক আলফাৰ হৈ ধন সংগ্ৰহ কৰাৰ অভিযোগত গুলীয়াই আহত কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আলফা (স্বাঃ)ৰ ৷ দুয়োগৰাকীকে আৰক্ষীয়ে আলফা (স্বাঃ)ৰ সৈতে জড়িত হৈ থকা বুলি উল্লেখ কৰাৰ বিপৰীতে, আৰক্ষীৰ এই দাবী সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে সংগঠনটোৱে ৷
সংযুক্ত মুক্তিবাহিনী অসম চমুকৈ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত তেওঁলোকে কয়, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নামত ধন সংগ্ৰহ কৰাৰ বুলি আজি ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ লাইপুলিৰ পুষ্পাঞ্জলী গগৈ নামৰ এগৰাকী মহিলাক ৩ লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ কৰা বাতৰি সম্প্ৰচাৰ হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে । অসমৰ জনগণৰ লগতে অসম আৰক্ষীক আমি জনাওঁ যে উক্ত মহিলাগৰাকীৰ সৈতে আমাৰ সংগঠনৰ কোনো সম্পর্ক নাই । গতিকে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ নামত থলগিৰি ৰাইজৰ ওপৰত নিৰ্যাতন বন্ধ কৰক ।’’