ডুমডুমা/তিনিচুকীয়া,14 মে':শেহতীয়াভাৱে সংযুক্ত মুক্তি বাহিনী, অসম(স্বা) আৰু ৰাজহুৱা খণ্ডৰ তেল আৰু প্ৰাকৃতিক গেছ নিগম,ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত সৃষ্টি হৈছে কেইবাটাও অনাকাংক্ষিত ঘটনা ৷ অ'এন জি চিৰ বিষয়াক অপহৰণৰ পাচতে শুকুৰবাৰে আলফা(স্বা) এ কেইবাটাও দাবী সম্বলিত এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে প্ৰতিষ্ঠান কেইটালৈ ৷ সংযুক্ত মুক্তি বাহিনী অসম(স্বা) এ জনোৱা দাবী সমূহ হ'ল-
- জন্মলগ্নৰে এই প্ৰতিষ্ঠান কেইটাই অসমৰ সম্পদ কিমান নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰক।
- এই প্ৰতিষ্ঠান কেইটাৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰী ব্যক্তিৰ বাবে সংৰক্ষণ কৰক।
- এই প্ৰতিষ্ঠান কেইটাৰ চাকৰি মকৰলৰ বাবে সকলো ধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতে অনুষ্ঠিত কৰক। চাকৰিৰ 95% থলগিৰি মানুহৰ বাবেই সংৰক্ষিত থাকিব লাগিব।
- ওপৰোক্ত প্ৰতিষ্ঠান কেইটাত চাকৰি নিয়োগৰ ক্ষেত্ৰত এক অসাধু গোষ্ঠী (ইয়াত থলগিৰি মানুহো জড়িত আছে) এ ক'লা বজাৰ চলাই আছে । য'ত একো একোটা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে 25ৰ পৰা 30 লাখ টকা উৎকোচ লোৱা হয় । 80% তকৈ ওপৰত চাকৰি নিয়োগ অনৈতিক পথেৰে চলি আছে। গতিকে এই অসাধু গোষ্ঠী উৎখাত কৰি চাকৰি নিয়োগৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰক।
- ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰক।
- অসমৰ গাঁও সমূহলৈ পাইপযোগে ঘৰে ঘৰে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰক। অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে ভোগ কৰাটো সুনিশ্চিত কৰক।
- উল্লেখিত প্ৰতিষ্ঠান কেইটাই অসমৰ বিভিন্ন দল-সংগঠনক উৎসৱ-পাৰ্বন আয়োজন কৰিবলৈ দান-বৰঙনি আগবঢ়োৱাৰ বিপৰীতে অসমৰ সামগ্ৰিক বিকাশৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আর্তজনৰ সহায়ৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানে প্রত্যক্ষভাৱে বছৰি 5 কোটি টকাকৈ আগবঢ়াব লাগিব ৷