অসম

assam

ETV Bharat / state

অপহৃত গৌৰাংগ দেৱৰ কন্যালৈ আলফা স্বাধীনৰ ফোন

টেলিফোনযোগে অপহৃত গৌৰাংগ দেৱৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিলে আলফা স্বাধীনে ৷ টেলিফোনযোগে গৌৰাংগ দেৱ সম্পূৰ্ণ সুস্থ থকা বুলি জনাই আলফা স্বাধীনে ৷ 11 অক্টোবৰত ধলাৰ শংকৰ চাহ বাগিছাৰ কল ঘৰৰ পৰা আলফা স্বাধীনে অপহৰণ কৰি লৈ গৈছিল গৌৰাংগ দেৱক ৷

By

Published : Oct 22, 2019, 5:18 PM IST

শংকৰ চাহ বাগিছা

শদিয়া, 22 অক্টোবৰঃঅৱশেষত টেলিফোনযোগে অপহৃত গৌৰাংগ দেৱৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিলে আলফা(স্বা)য়ে ৷ 18 অক্টোবৰত গৌৰাংগ দেৱৰ কন্যালৈ আহিছিল আলফা(স্বা)ৰ ফোন ৷ বিগত 11 অক্টোবৰত ধলাৰ শংকৰ চাহ বাগিছাৰ কল ঘৰৰ পৰা আলফা স্বাধীনে অপহৰণ কৰি লৈ গৈছিল গৌৰাংগ দেৱক ৷ টেলিফোনযোগে গৌৰাংগ দেৱ সম্পূৰ্ণ সুস্থ থকা বুলি জনাই আলফা স্বাধীনে ৷ চাহ উদ্যোগপতি সুধিৰ কুমাৰ লোহিয়াই গৌৰাংগ দেৱক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ যোগাযোগ নকৰাৰ কথাও স্পষ্ট কৰে আলফা স্বাধীনে ৷

গৌৰাংগ দেৱৰ কন্যালৈ আলফা স্বাধীনৰ ফোন

উল্লেখ্য যে,11 অক্টোবৰ সন্ধিয়া প্ৰায় ৬ বজাত তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ বাগিছাৰ কলঘৰত প্ৰৱেশ কৰে সামৰিক পোছাক পৰিহিত এটা চাৰিজনীয়া অস্ত্ৰধাৰী যুৱকৰ দলে ৷ বাগিচাৰ পৰিচালকক নোপোৱাত বাগিচাখনৰ কলঘৰত মুখ্য ফিটাৰ হিচাপে কৰ্মৰত গৌৰাংগ সুন্দৰ দেৱ নামৰ কৰ্মচাৰীজনক অস্ত্ৰধাৰী যুৱকৰ দলটোৱে নিজকে আলফা স্বাধীন বুলি পৰিচয় দি অপহৰণ কৰি লৈ যায় ৷ কলঘৰৰ CCTV কেমেৰাত বন্দী হয় অপহৰণৰ সমগ্ৰ দৃশ্য ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতেই সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয় ৷ ইপিনে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই বৃহৎ সেনা-আৰক্ষীৰ দল লৈ ঘটনাস্থলীত উপস্থিত হৈ অস্ত্ৰধাৰী যুৱকৰ দলটোৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰে ৷

ABOUT THE AUTHOR

...view details