তিনিচুকীয়া, 20 অক্টোবৰ: অৰুণাচল প্ৰদেশৰ চাংলাঙত আটক হ’ল এজন দুৰ্ধৰ্ষ আলফা সদস্য । এক গোপন খবৰৰ ভিত্তিতেই আছাম ৰাইফলছৰ চাংলাং বেটালিয়নে চাংলাং আৰক্ষী সহযোগত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুৰ্ধৰ্ষ কেডাৰজনক । সেনাৰ প্ৰাথমিক জেৰাত নিজকে লেন্স কৰ্পৰেল ৰূপান্তৰ মৰাণ বুলি পৰিচয় দিয়ে কেডাৰজনে । তিনিচুকীয়াৰ ৰূপান্তৰ মৰাণে যোৱা 2016 চনত আলফাত যোগ দি ম্যানমাৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।
অৰুণাচলত আটক আলফা স্বাধীনৰ সদস্য - Arunachal Pradesh
আছাম ৰাইফলছৰ চাংলাং বেটালিয়ন আৰু চাংলাং আৰক্ষীৰ যুটিয়া সহযোগত আটক দুৰ্ধৰ্ষ আলফা সদস্য ৷

অৰুণাচলত আটক আলফা স্বাধীনৰ সদস্য
আলফাত যোগদানৰ পূৰ্বে ৰূপান্তৰে চেন্নাইত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল ৷ কেডাৰজনে তামিল,মালায়ালমৰ লগতে বাৰ্মিজ, হিন্দী, ইংৰাজী ভাষাও স্পষ্টকৈ ক’ব পাৰে । আটক কৰাৰ সময়ত কেডাৰজনৰ পৰা এটা MQ এচাউল্ট ৰাইফল সহ 49 জাই সজীৱ গুলী, আলফাৰ পোচাকৰ লগতে বিভিন্ন বিস্ফোৰক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে সেনাই ।