তিনিচুকীয়া, 20মে’: অসমৰ পূৱ আমাজন খ্যাত বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্তখননৰ বাবে নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফ আৰু কেন্দ্ৰীয় চৰকাৰে নৰ্থ ইষ্টাৰ্ণ ক’ল ফিল্ডক অনুমতি প্ৰদান কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ বুধবাৰে আলফা স্বাধীনেও এক ভিডিঅ’ৰ যোগেদি দিহিং পাটকাইৰ ওপৰত হাত নিদিবলৈ সকলো পক্ষকে কঠোৰ সকীয়নি প্ৰদান কৰে ৷ দিহিং পাটকাইত কয়লা খনন কৰি সম্পদ লুণ্ঠন কৰিলে পৰিস্থিতি ভয়াৱহ হ’ব বুলি স্পষ্ট কৰে আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ লেফটেনেণ্ট কৰ্ণেল ৰূপক অসমে ৷
দিহিং পাটকাইত হাত নিদিব: আলফা স্বাধীন - বৰ্ষাৰণ্য দিহিং পাটকাই
দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্তখননক লৈ আলফা স্বাধীনৰ সকীয়নি ৷ বৰ্ষাৰণ্য দিহিং পাটকাইত কয়লা খনন কৰি সম্পদ লুণ্ঠনত হাত দিলে পৰিস্থিতি ভয়াৱহ হ’ব বুলি হুংকাৰ দিয়ে আলফা স্বাধীনৰ লেফটেনেণ্ট কৰ্ণেল ৰূপক অসমে ৷

দিহিং পাটকাইক লৈ আলফা স্বাধীনৰ মত
দিহিং পাটকাইক লৈ আলফা স্বাধীনৰ মত
ইফালে, জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দিহিং পাটকাইৰ সুৰক্ষা প্ৰদানৰ বাবে ৰাজ্যৰ দল-সংগঠনে দাবী তোলাৰ লগতে চ’ছিয়েল মিডিয়াতো দিহিং পাটকাইক লৈ চলিছে ব্যাপক চৰ্চা ৷
লগতে পঢ়ক: আজি 'আম্ফান' অহাৰ পূৰ্ণ সম্ভাৱনা ! উৰিষ্যাত 1 লাখৰো অধিক লোকক স্থানান্তৰিত
Last Updated : May 20, 2020, 8:34 PM IST