নিউজ ডেস্ক, 25 আগষ্ট: "ইয়াংখু অসম ওৰফে অচিন্ত মৰাণ সংযুক্ত বাহিনী, অসম (স্বাধীন) সংগঠনৰ এগৰাকী প্ৰকৃত দেশপ্ৰেমিক, অত্যন্ত সাহসী, নিয়মানুৱৰ্তিতা, নিষ্ঠাবান আৰু সদা সচেতন সেনানী আছিল ৷ অসমৰ তৃত স্বাধীনতা উদ্ধাৰৰ সন্মিলিত জাতীয় মুক্তি বিপ্লৱখনৰ তেজে ধোৱা পথত তেখেতৰ অৱদান আৰু আত্মত্যাগে নতুন প্ৰজন্মৰ সংগ্ৰামী সতীৰ্থক যুগে যুগে অনুপ্ৰাণিত কৰিব ৷ তেখেতৰ এই অনবদ্য অৱদানৰ বাবে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ ফালৰ পৰা চাৰ্জেণ্ট মেজৰ (মৰোণোত্তৰ) ইয়াংখু অসমক অমৰ মৃতক ঘোষণা কৰা হ’ল ৷" আলফা (স্বা)ৰ অনায়োগ বিষয়া চাৰ্জেণ্ট মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ মৃত্যু হয় (ULFA Cadre Eyangkhu AXOM died)৷
সেনাৰ গুলীত গুলিবিদ্ধ হৈ আলফা স্বাধীনৰ চাৰ্জেণ্ট মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ মৃত্যু - ULFA Cadre Eyangkhu Axom died
12:38 August 25
সেনাৰ গুলীত গুলিবিদ্ধ হৈ চিকিৎসাধীন হৈ থকা আলফা (স্বা)ৰ অনায়োগ বিষয়া চাৰ্জেণ্ট ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ মৃত্যু ৷ আলফা (স্বা)ৰ এক প্ৰেছ বিবৃতিৰ যোগে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অমৰ মৃতক ঘোষণা ইয়াংখুক ৷
যোৱা 15 আগষ্টত পুৱতি নিশা প্ৰায় ৩ বজাত সংযুক্ত মুক্তি বাহিনী, অসম (স্বা) আৰু এন.এছ.চি.এন, জি.পি.আৰ. এন. সংগঠনে যৌথভাৱে চলোৱা কৌশলগত সামৰিক অভিযানত অংশ লৈ শত্ৰুৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ইয়াংখু ৷ চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যুক আকোৱালি লয় ইয়াংখুৱে ৷
বৃহস্পতিবাৰে আলফা (স্বা)এ এক প্ৰেছ বিবৃতিৰ যোগে অমৰ মৃতক ঘোষণা কৰে কেডাৰগৰাকীক ৷ অচিন্ত মৰাণৰ ঘৰ কাকপথাৰৰ মালভোগ গাঁৱত। অচিন্ত মৰাণৰ মৃত্যুৰ খবৰে এতিয়া শোকৰ ছাঁ পেলাইছে পৰিয়ালৰ লগতে সমগ্ৰ তিনিচুকীয়াত ।
লগতে পঢ়ক:মহানগৰীত সংযোজন হ’ল অত্যাধুনিক কেমেৰা সংলগ্ন ট্ৰেফিক চিগনেল লাইট