ডুমডুমা, ৫ এপ্ৰিলঃ অৰুণাচলত আত্মসমৰ্পণ কৰিলে দুই আলফা (স্বা) সদস্যই । অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপুং আৰক্ষী থানাত আত্মসমৰ্পণ কৰে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ দুই ধৃত সদস্যই ।
আত্মসমৰ্পণৰ সময়ত অৰুণাচল আৰক্ষীৰ লগত আছিল জয়ৰামপুৰ আৰু নামপুং স্থিত ১৯ নং অসম ৰাইফলচৰ এটি দল । আত্মসমৰ্পণকাৰী সদস্য দুজন ক্ৰমে হৈছে চন্দ্ৰ লেখাৰু (২৬) আৰু জাহ্নু বৰুৱা (২০) ।
আত্মসমৰ্পণ আলফা (স্বা) ৰ সদস্যৰ ধৃত চন্দ্ৰ লেখাৰুৰ ঘৰ কাৰ্বি আংলং জিলাৰ পাৰখোৱা অঞ্চলত । ইয়াৰ বিপৰীতে জাহ্নু বৰুৱাৰ ঘৰ হৈছে ডিব্ৰুগড় জিলাৰ জেৰাই গাঁৱত । আত্মসমৰ্পণৰ সময়ত সদস্য দুজনে আৰক্ষীক কোনোধৰণৰ মাৰণাস্ত্ৰ জমা দিয়া নাই । বৰ্তমানে দুয়োজন সদস্যকে নামপুং আৰক্ষী আৰু অসম ৰাইফলচৰ এটি দলে সোধা পোচা অব্যাহত ৰাখিছে ।
COVID-19ৰ হেঁচাই টোপনি কাঢ়ি নিছে ! ভাল টোপনিৰ বাবে গ্ৰহণ কৰক এইসমূহ উপায়....