অসম

assam

ETV Bharat / state

ধলাত জব্দ অবৈধ শিলভৰ্তি দুখনকৈ ডাম্পাৰ

তিনিচুকীয়া জিলাৰ ধলাত দুখন অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ ৷ ডাম্পাৰ দুখনৰ নম্বৰ ক্ৰমে AS-07-AC-5134 আৰু AS-07-AC-8714 ৷

ধলাত জব্দ অবৈধ শিলভৰ্তি দুখনকৈ ডাম্পাৰ

By

Published : Jul 3, 2019, 4:54 AM IST

শদিয়া, 3 জুলাই: তিনিচুকীয়া জিলাৰ ধলাত মঙলবাৰে বনবিভাগৰ লোকে দুখনকৈ অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত ডাম্পাৰ দুখনৰ নম্বৰ হৈছে ক্ৰমে AS-07-AC-5134 আৰু AS-07-AC-8714 ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ চোৰাং শিলৰ কুৱেৰিৰ পৰা শিল সমূহ লখিমপুৰ লৈ নি থকাৰ অৱস্থাত ধলাৰ বন বিভাগৰ লোকে জব্দ কৰে গাড়ী দুখন ৷

ধলাত জব্দ অবৈধ শিলভৰ্তি দুখনকৈ ডাম্পাৰ

ধলা বন কাৰ্যালয়ৰ মুখ্য বিষয়া মুকিবুল ৰহমানৰ নেতৃত্বত জব্দ কৰা গাড়ী দুখন লখিমপুৰৰ জনৈক কোচ নামৰ ব্যক্তিগৰাকীৰয়ে নিছিল বুলি জানিব পৰা গৈছে ৷ গাড়ী দুখন বন বিভাগে নথি-পত্ৰ পৰীক্ষা কৰি নিজৰ জিম্বাত ৰাখি থয় ৷ উল্লেখ্য যে, লক্ষিমপুৰ, ধেমাজি দুয়োখন জিলাতে বহু শিলৰ কুৱেৰি থকাৰ পিচতো কিয় অৰুণাচল প্ৰদেশৰ পৰা অবৈধ ভাবে শিল নিবলগীয়া হৈছিল সেইয়া এক ৰহস্যৰ বিষয় ৷

ABOUT THE AUTHOR

...view details