তিনিচুকীয়া, 6 ডিচেম্বৰ :পাৰিপাৰ্শ্বিক পৰ্যটনৰ উন্নয়ন আৰু পৰিবেশ সংৰক্ষণৰ উদ্দেশ্যৰে ২০০৭ চনতে গঠিত হোৱা ৱেভ ইক'টুৰিজিমে ডিব্ৰু-ছৈখোৱা 'ইক' কেম্প(Dibru-Saikhowa Eco Camp) আৰু "চানাডুবি ইক" কেম্পৰ লগতে "ডিব্ৰু-ছৈখোৱা হোমষ্টে" প্ৰতিষ্ঠা কৰি উজনি আৰু নামনি অসমত পাৰিপাৰ্শ্বিক পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত সক্রিয় ভূমিকা পালন কৰি আহিছে । ৱেভ ইক'টুৰিজিমে(Wave Ecotourism) শেহতীয়াকৈ ডিব্ৰুছৈখোৱাৰ থলুৱা জনগোষ্ঠীসমূহৰ পৰম্পৰাগত খাদ্য-প্ৰণালী সমূহক গুৰুত্ব প্ৰদান কৰি ডিব্ৰুছৈখোৱাৰ 'ইক কেম্পত "আখাশালি"(Akhahali) নামাৰে এক খাদ্যালয়ৰ ব্যৱস্থা কৰিছে ৷
তদুপৰি ডিব্ৰু-ছৈখোৱা আৰু অন্যান্য প্ৰকৃতি পৰ্যটন ক্ষেত্ৰসমূহক সাঙুৰি পৰ্যটকৰ বাবে যোগ ভ্ৰমণৰ বাবে "ট্ৰেভেল যুগা"(Travel Yuga) নামেৰে এক কেন্দ্ৰ স্থাপন কৰিছে ৷ ডিব্ৰুগড়স্থিত যোগ কেন্দ্ৰ "ঔম যোগ শালা" আৰু "ৱেভ ইক'টুৰিজিমৰ" যৌথ উদ্যোগত স্থাপন হোৱা "আখাশালি" আৰু "ট্ৰেভেল যুগা" শনিবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়(Akhahali and Travel Yuga open for tourists) ।