তিনিচুকীয়া, 29 জানুৱাৰী: তিনিচুকীয়া জিলা পুৱাই চাঞ্চল্য ৷ দেওবাৰে পুৱাই ডিৰাক গেটত দুটা জীৱন্ত IED উদ্ধাৰ কৰা হৈছে (IED recovered at Dirak)। IED দুটা তিনিজন যুৱকে লৈ অহাৰ সন্দেহ কৰিছে তহলদাৰী চিআৰপিএফ দলে । CRPF ৰ দলটোক দেখি যুৱক তিনিজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিচতে ঘটনাস্থলীলৈ বোমা নিষ্ক্ৰীয়কাৰী দল ঘটনাস্থলীলৈ ৰাওনা হৈছে । আই ই ডি উদ্ধাৰৰ পিচতেই সমগ্ৰ অঞ্চলটোতেই আতংকই বিৰাজ কৰিছে ৷
উল্লেখযোগ্য যে, দেশৰ গণৰাজ্য দিৱসৰ দুটা দিনৰ পাছতে IED উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে তিনিচুকীয়া জিলাখনত। যিহেতু দেশৰ গণৰাজ্য বৰ্জনৰ কাৰণে আলফা(স্বা)ৰ তৰফৰ পৰা ৰাজ্যবাসীক আহ্বান জনাইছিল ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিগত বৰ্ষৰ ১ জুলাইত সেনা-আৰক্ষীৰ সৈতে ৰূপম অসমৰ নেতৃত্বত থকা আলফা(স্বা)ৰ দলটোৰ গুলীয়াগুলীত জ্ঞান অসম নামৰ এজন আলফা(স্বা)ৰ কেডাৰ নিহত হৈছিল ৷ তাৰ পিচতে পুনৰ ১০ জুলাইত পেঙেৰীত নিশা একেটা দলৰ সৈতে আন এটা গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল যদিও কোনো লোকৰ হতাহতি হোৱা নাছিল ৷
পৰৱৰ্তী সময়ত জ্ঞান অসমৰ মৃত্যুৰ প্ৰত্যুত্তৰ দিবলৈ আলফা(স্বা)ৰ নেতৃত্বত এটা বৃহৎ দলে ৯ আগষ্টত পুৱতি নিশা অৰুণাচলৰ পাংচুপাছত আছাম ৰাইফলৰ শিৱিৰত এক অভিযান চলাইছিল ৷ পুনৰ ১৪ নৱেম্বৰত পেঙেৰীত ভাৰতীয় সেনাৰ এটা কনভয়ৰ উপৰত আলফা(স্বা) আক্ৰমণৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰিছিল সেনা বাহিনীৰ দলটোৰ ৷ আক্ৰমণটো ইমানেই ভয়ানক আছিল যে বুলেটপ্ৰুফ বাহনখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল ।