অসম

assam

By

Published : Dec 7, 2020, 7:57 PM IST

ETV Bharat / state

জয়পুৰ বৰ্ষাৰণ্যত এনথাক্স ৰোগত আক্ৰান্ত হৈ তিনিদিনত দুটা হাতীৰ মৃত্যু

জয়পুৰ বৰ্ষাৰণ্যত এনথাক্স ৰোগত আক্রান্ত হৈ তিনিদিনত দুটাকৈ বনৰীয়া হাতী মৃত্যু ৷ চিকিৎসকে প্ৰকাশ কৰিছে তথ্য ৷ বন বিভাগে মৃত হাতী কেইটা পুতি ৰখাৰ পৰিৱৰ্তে জ্বলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিয়নো 10 বছৰ পিচতো এনথাক্স ৰোগত আক্ৰান্ত হৈ মৃত্য়ু হোৱা জন্তুৰ সংস্পৰ্শলৈ অহা যিকোনো সম্ভাৱনাৰ পৰা এই ৰোগ বিয়পোৱাৰ আকাংক্ষা থাকে ৷

two-elephant-dead-in-three-days-in-tinsukiya
জয়পুৰ বৰ্ষাৰণ্যত এনথাক্স ৰোগত আক্ৰান্ত হৈ তিনিদিনত দুটা হাতীৰ মৃত্যু

তিনিচুকীয়া, 7 ডিচেম্বৰ :জয়পুৰ বৰ্ষাৰণ্যত এনথাক্স ৰোগত আক্রান্ত হৈ তিনিদিনত দুটাকৈ বনৰীয়া হাতী মৃত্যু মুখত পৰিছে ৷ বিশেষজ্ঞ চিকিৎসৰ দলে প্ৰকাশ কৰিছে তথ্য ৷

উল্লেখযোগ্য যে, নাহৰকটীয়াৰ জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰচৰাত হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে এই মৃত্যুৰ কাৰণ হিচাপে পশু চিকিৎসকে যি ৰোগৰ কথা সন্দেহ ব্যক্ত কৰিছে, তাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছে সমগ্ৰ জয়পুৰ অঞ্চলত ৷ জয়পুৰ বৰ্ষাৰণ্যৰ মাজেৰে জয়পুৰৰ পৰা নামচাং যোৱা পথৰ পৰা প্ৰায় 5 কিলোমিটাৰ ভিতৰৰ তৰাজান অঞ্চলৰ ঘন অৰণ্যৰ ভিতৰত কিছুদিন পূৰ্বে এটা হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পুনৰ একে ঠাইতে শনিবাৰে এটা মৃত হাতীৰ তথ্য লাভ কৰে বন বিভাগে ৷

জয়পুৰ বৰ্ষাৰণ্যত এনথাক্স ৰোগত আক্ৰান্ত হৈ তিনিদিনত দুটা হাতীৰ মৃত্যু

লগতে পঢ়ক :কামৰূপ আৰক্ষীৰ জালত পাঁচ বেংক হেকাৰ

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ প্ৰায় 10 বছৰীয়া পোৱালী মাখুন্দি হাতীজনীক মৃতদেহ উদ্ধাৰ কৰি প্ৰথমাৱস্থাত মৃত্যুৰ কাৰণ আন কোনো জন্তুৰ সৈতে সংঘৰ্ষত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও পিচত তিনিচুকীয়াৰ গুইজান আৰু নাহৰকটীয়াৰ পৰা অহা পশু চিকিৎসকে হাতীজনী এনথাক্স ৰোগৰ ফলত মৃত্যু মুখত পৰাৰ সন্দেহ ব্যক্ত কৰাত সকলোৰে মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

চিকিৎসকে প্ৰকাশ কৰা মতে, পূৰ্বতে এই ৰোগত আক্ৰান্ত কোনো আন জীৱ-জন্তু অথবা আক্ৰান্ত হৈ মৃত্যু মুখত পৰা কোনো জন্তুৰ মৃতদেহৰ স্পৰ্শলৈ অহা পানী বা ধূলিৰ পৰাও এই ৰোগ বিয়পাৰ যথেষ্ট আশংকা থাকে । তেনে প্ৰেক্ষাপটত এই হাতী দুটা একে ধৰণৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ আশংকা থকাৰ লগতে এই হাতী দুটাৰ মৃতদেহৰ পৰাও ভৱিষ্যতে বনাঞ্চলখনৰ অধিক জীৱ-জন্তু, আনকি মানুহো আক্ৰান্ত হোৱাৰ ভয়ংকৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে ।

লগতে পঢ়ক :বৰ্তমানেও চূড়ান্ত হোৱা নাই AIUDFৰে মিত্ৰতাঃ প্ৰদ্যুৎ বৰদলৈ

মন কৰিবলগীয়া যে, এনে ৰোগতে আক্ৰান্ত হৈ অতীতত ওড়িশাৰ এখন বনাঞ্চলত একেলগে 18 টা হাতীৰ মৃত্যু হোৱাৰ তথ্যই এই আকাংক্ষা অধিক বৃদ্ধি কৰিছে । এই আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জয়পুৰ বন বিভাগে মৃত হাতী কেইটাক বন বিভাগে পুতি থোৱাৰ পৰিৱৰ্তে জ্বলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কিয়নো চিকিৎসকে প্ৰকাশ কৰা মতে, এই ৰোগত আক্ৰান্ত জীৱ-জন্তুৰ মৃতদেহ পুতি ৰখাৰ 10 বছৰ পিচতো ইয়াৰ অৱশিষ্ট পানী অথবা মাটিৰ সংস্পৰ্শত আহি অন্যান্য জীৱ-জন্তু আৰু মানুহৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে ।

ইফালে, গুৰুত্বপূৰ্ণ কথাটো হল যে হাতীৰ বসতি স্থান হিচাপে বিখ্যাত এইটো অঞ্চলত এনথাক্স ৰোগ বিয়পি পৰে তেন্তে বনাঞ্চলখনত বসবাস কৰা বাঘ, ভালুক হৰিণ, উৰণীয়া কেৰ্কেটুৱা, দুস্প্ৰাপ্য সৰীসৃপ আৰু পক্ষীকূললৈ এক অশনি সংকেত নামি আহিব ৷

লগতে পঢ়ক :ওদালগুৰিত 2 বজালৈ ভোটদানৰ হাৰ 52 শতাং

ABOUT THE AUTHOR

...view details