অসম

assam

ETV Bharat / state

Miners die in coal mine : আকৌ অঘটন; লিডুৰ কয়লাখনিত দুই শ্ৰমিকৰ মৃত্যু - Two coal miner killed in Ledo

লিডুৰ কয়লাখনিত পুনৰ দুজন শ্ৰমিকৰ মৃত্যু ৷ অবৈধ কয়লাখনিত কৰ্মৰত অৱস্থাত মৃত্যু শ্ৰমিক দুজনৰ ৷ কয়লা মাফিয়া ক্ষীতিষ দেৱনাথ আৰু কে শ‍ংকৰ ৰাওৰ খনিত কৰ্মৰত আছিল দুই শ্ৰমিক (Ledo coal mining) ৷

Coal miner died
Etv Bharat

By

Published : Jun 8, 2023, 6:01 PM IST

লিডুৰ কয়লাখনিত দুই শ্ৰমিকৰ মৃত্যু

তিনিচুকীয়া, 8 জুন: তিনিচুকীয়া জিলাৰ লিডু কয়লাখনিত পুনৰ দুজন শ্ৰমিকৰ মৃত্যু ৷ নিহত শ্ৰমিক দুজন লিডুৰ ইটাখোলা অঞ্চলৰ নিবাসী ৰূপেশ্বৰ ফুকনৰ পুত্ৰ নয়ন ফুকন (24) আৰু আনজন জনৈক হাজং বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে লিডুৰ মুলুং পাহাৰত অবৈধভাৱে কয়লা খনন কৰাৰ সময়ত দুজন শ্ৰমিকৰ মৃত্যু হয় (Coal miner die in Ledo) ৷

এই দুয়োজন শ্ৰমিক কয়লা মাফিয়া ক্ষীতিষ দেৱনাথ আৰু কে শ‍ংকৰ ৰাওৰ হৈ অবৈধ কয়লা খননত নিয়োজিত আছিল বুলি পৰিয়ালৰ লোকে সদৰী কৰিছে ৷ পূৰ্বেও কয়লা মাফিয়া ক্ষীতিষ দেবনাথে শিশু শ্ৰমিককে ধৰি বহুজনক অবৈধ কয়লা কামত নিয়োজিত কৰাই কয়লা খনন অব্যাহত ৰখাৰ তথ্য পোহৰলৈ আহিছিল ৷ লগেত মাফিয়া ক্ষীতিষ দেবনাথে টকাৰ প্ৰলোভন দেখুৱাই এনেধৰণৰ বহু ঘটনা পূৰ্বেও গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে (Ledo coal mining) ৷

উল্লেখ্য যে এতিয়াও মাৰ যোৱা নাই লিডুৰ কয়লাখনিত নিহত হোৱা প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ ঘটনা ৷ তাৰ মাজতে পুনৰ এই শোকাৱহ ঘটনা সংঘটিত হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ অবৈধ কয়লাখনিত এই শ্ৰমিক দুগৰাকীৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে কিদৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব সেয়া সময়তহে হ’ব লক্ষণীয় ৷ এই ঘটনাত নাম সাঙুৰ খোৱা দুই কয়লা মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নে, তাক লৈয়ো উত্থাপন হৈছে প্ৰশ্নৰ (Two coal miners killed in Ledo) ৷

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে চোৰাং কয়লা খনন (Coal smuggling in Ledo) ৷ বৈধ খননৰ সমান্তৰালকৈ একাংশ কয়লা মাফিয়াই অব্যাহত ৰাখিছে চোৰাং কয়লা খনন ৷ মাৰ্ঘেৰিটাৰ মহকুমাৰ পাহাৰসমূহ বৰ্তমান মৃত্যু উপত্যকালৈ পৰিণত হৈছে ৷ যাৰ বাবে বিভিন্ন সময়ত লিডুৰ কয়লাখনিৰ পৰা বহু শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহে ৷

লগতে পঢ়ক:Pranjal Moran case: প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ বাবে লিডুৰ কয়লাখনিত আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details