তিনিচুকীয়া,20 ফেব্ৰুৱাৰী: প্ৰশাসনৰ চকুত ধুলি মাৰি ৰাজ্যত অব্যাহত আছে বাল্যবিবাহৰ ঘটনা ৷ যি সময়ত চৰকাৰে "বেতি বাচাও বেতি পঢ়াও" বুলি আচঁনি প্ৰস্তুত কৰিছে সেই সময়তেই ৰাজ্যখনত চলি আছে বাল্য বিবাহৰ দৰে জঘন্য ঘটনা ৷ বৃহস্পতি বাৰে পুনৰ তেনে এক ঘটনাই পোহৰলৈ আহিছে তিনিচুকীয়া জিলাত ৷
তিনিচুকীয়াত পুনৰ বাল্য বিবাহঃ আটক দুই - প্ৰশাসনৰ চকুত ধুলি মাৰি ৰাজ্যত অব্যাহত আছে বাল্যবিবাহৰ ঘটনা
যি সময়ত চৰকাৰে "বেতি বাচাও বেতি পঢ়াও" বুলি আচঁনি প্ৰস্তুত কৰিছে সেই সময়তেই ৰাজ্যখনত চলি আছে বাল্য বিবাহৰ দৰে জঘন্য ঘটনা ৷ বৃহস্পতি বাৰে পুনৰ তেনে এক ঘটনাই পোহৰলৈ আহিছে তিনিচুকীয়া জিলাত ৷
![তিনিচুকীয়াত পুনৰ বাল্য বিবাহঃ আটক দুই Two arrested in Tinsukia For Child marriage](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6141517-thumbnail-3x2-p1.jpg)
উল্লেখ্য যে তিনিচুকীয়াৰ পৰ্বতীয়াৰ সুনিতা কোৱঁৰ নামৰ এগৰাকী মহিলাৰ ঘৰত চৰাইদেউ জিলাৰ ভজোৰ বিকাশ মিশ্ৰা আৰু আকাশ মিশ্ৰা নামৰ দুজন ৫০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিয়ে দুগৰাকী কিশোৰীক বিবাহ কৰাৰ প্ৰস্তুতি চলাইছিল ৷ কিন্তু বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত সেই সময়তেই তিনিচুকীয়া জিলা শিশু সুৰক্ষা সমিতি আৰু তিনিচুকীয়া সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে বিকাশ মিশ্ৰা আৰু আকাশ মিশ্ৰা নামৰ দুয়োজন ব্যক্তিক ৷ ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা পিছতো ৰাজ্যত সংঘটিত হোৱা এনে ধৰণৰ ঘটনাই তীব্ৰ চাঞ্চল্যত সৃষ্টি কৰিছে সমগ্ৰ তিনিচুকীয়া জিলাত ৷
লগতে পঢ়ক:নৱনিৰ্মিত চৰ্দাৰ বল্লভভাই পেটেল ষ্টেডিয়ামত আয়োজন "নমস্তে ট্ৰাম্প"