লিডু, 5 জানুৱাৰীঃতিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত নুঙলাই গাঁৱৰ পৰা দুগৰাকী কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ লিডু শংকৰদেৱ হাইস্কুলৰ দশম শ্ৰেণীত আৰু নৱম শ্ৰেণীত অধ্যয়নত নিভা তামাং আৰু সুনিতা মুড়া নামৰ কিশোৰী দুগৰাকী শনিবাৰে দিনৰ 3 বজাৰ পৰা সন্ধানহীন হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ ঘৰৰ পৰা বগৰী খাবলৈ বুলি ওলাই যোৱাৰ পাচৰে পৰা নিৰুদ্দেশ হয় দুয়ো ৷
বগৰী খাবলৈ গৈ সন্ধানহীন লিডুৰ দুই যুৱতী - girl missing from Lidu latest news
লিডুৰ ৰে'লৱে ষ্টেচনত পৰিয়ালৰ লোকে অনুসন্ধান চলোৱাত CCTV কেমেৰাত অচিনাক্ত এগৰাকী যুৱতীৰ সৈতে দুয়োকে প্ৰত্যক্ষ কৰে ৷
![বগৰী খাবলৈ গৈ সন্ধানহীন লিডুৰ দুই যুৱতী সন্ধানহীন লিডুৰ দুই যুৱতী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5603715-548-5603715-1578234696527.jpg)
সন্ধানহীন লিডুৰ দুই যুৱতী
সন্ধানহীন লিডুৰ দুই যুৱতী
ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে, লিডুৰ ৰে'লৱে ষ্টেচনত পৰিয়ালৰ লোকে অনুসন্ধান চলোৱাত CCTV কেমেৰাত অচিনাক্ত এগৰাকী যুৱতীৰ সৈতে দুয়োকে প্ৰত্যক্ষ কৰে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ৷
লগতে পঢ়ক: বিমুদ্ৰাকৰণৰ পিচত ভাৰতীয় বায়ুসেনাই সৰবৰাহ কৰিছিল 625 টন নতুন নোট