ডিগবৈ, 12 অক্টোবৰঃ ডিগবৈ চহৰত শনিবাৰে পুৱাই আটক কৰা হয় 20 গৰাকী সন্দেহজনক নাগৰিকক ৷ জাতীয়তাবাদী যুৱ পৰিষদে পুৱাৰ ভাগতে ডিগবৈ চহৰত লোককেইজনক আটক কৰি গতাই দিয়ে আৰক্ষীক ৷ আটকাধীন লোককেইজনৰ ভিতৰত 11 জন প্ৰাপ্তবয়স্ক আৰু বাকী কেইজন শিশু ৷ লোককেইজনে তেজপুৰৰ পৰা অৰুণাচলৰ খাৰচাঙত কাম কৰিবলৈ গৈ আছিল ৷
ডিগবৈত আটক সন্দেহজনক নাগৰিক