শদিয়া, 23 জুনঃ অৰুণাচলত চোৰাংকৈ কাঠ সৰবৰাহ কৰিব গৈ আৰক্ষীৰ জালত পৰিল কাঠ ব্যৱসায়ী ৰাজু মেধি ৷ অৰুণাচলৰ পাচিঘাটত ভুৱা চালান দেখুৱাই তিনিখনকৈ ট্ৰাক পাৰ কৰাব বিছাৰিছিল ৷ তেতিয়াই আৰক্ষীয়ে কৌশলগতভাৱে মেধিক আটক কৰে ৷
ঘটনাৰ বিবৰণী মতে, কিছুদিন পূৰ্বে অৰুণাচলত আৰক্ষীয়ে জব্দ কৰিছিল চোৰাং কাঠ থকা AS 01 KC 6763, AS 01 F 9013 আৰু AS 06 BC 6467 নম্বৰৰ ট্ৰাক তিনিখন ৷ এই গাড়ী কেইখন মোকলাবলৈ গৈছিল মিন্টু বৰঠাকুৰ নামৰ এজন অধিবক্তা আৰু ৰাজু মেধিৰ ঘণিষ্ঠ বুলু আগৰৱাল নামৰ এজন লোক ৷ তেওঁলোক ৰয়িঙত উপস্থিত হোৱাৰ পাচত আৰক্ষীয়ে ৰাজু মেধি আহিলেহে ট্ৰাক কেইখন মুকলাই দিয়া হ'ব বুলি উল্লেখ কৰে ৷ তাৰ পাচতেই ৰয়িঙত গৈ উপস্থিত হয় ৰাজু মেধি ৷ তাত উপস্থিত হোৱাৰ পাচতে পেট্ৰল পাম্প এটাৰ পৰা খাপ পিটি থকা আৰক্ষীয়ে আটক কৰি সোধ পোচৰ বাবে লৈ যায় ৷