অসম

assam

ETV Bharat / state

ওপজা গাঁৱতে পঞ্চভূতত বিলীন হ’ল জীৱন মৰাণ

সাঙীত উঠি অন্তিমবাৰৰ বাবে কাকপথাৰৰ উবন গাঁৱলৈ আহিল প্ৰাক্তন জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়া ৷ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে সোমবাৰে শেষকৃত্য সম্পন্ন কৰা হয় জ্যেষ্ঠ আলফা নেতাগৰাকীৰ (Tribute to ex ULFA leader Jibon Moran) ৷ গুণদ ডাঙৰীয়াৰ মৃত্যুত এতিয়া শোকস্তব্ধ কাকপথাৰ ।

By

Published : Aug 29, 2022, 5:41 PM IST

Tribute to ex ULFA leader Jibon Moran
খাঙিত উঠি অন্তিমবাৰৰ বাবে কাকপথাৰ স্বগৃহলৈ উভতিল জীৱন মৰাণ

তিনিচুকীয়া, 29 আগষ্ট :শোকস্তব্ধ কাকপথাৰ ৷ কাকপথাৰ উবন গাঁৱৰ ৰাইজে হিয়া ধাকুৰি কান্দিছে ৷ কিয়নো সোমবাৰে ডুমডুমাৰ ৰূপাইস্থিত বাসগৃহৰ পৰা অজস্ৰ গুণমুগ্ধৰ সহিতে জন্মভূমিৰ নিজ গৃহ কাকপথাৰ উবন গাঁৱলৈ লৈ যোৱা হয় জ্যেষ্ঠ প্ৰাক্তন আলফা নেতা জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াৰ নশ্বৰ দেহ । কাকপথাৰৰ উবন গাঁৱত অজস্ৰ গুণমুগ্ধ, কাকপথাৰবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ শীৰ্ষ আলফা নেতা জীৱন মৰাণক (Tribute to ex ULFA leader Jibon Moran)।

বিগত এমাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল জীৱন মৰাণ । উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা গুৱাহাটী এপ’ল হাস্পতালত চিকিৎসাৰ বাবে নিয়া হৈছিল গুণদ ডাঙৰীয়াক ৷ কিন্তু কেতিয়াও মূৰ তল কৰি কথা নোকোৱা জীৱন মৰাণে মৃত্যুৰ ওচৰত হাৰ মানিলে ৷ শনিবাৰে নিশা প্ৰায় 8:45 বজাত গুৱাহাটী মহানগৰীৰ এপ’ল হাস্পতালত মৃত্যুক আকোঁৱালি লয় জ্যেষ্ঠ আলফা নেতাগৰাকীয়ে (ULFA Leader Jibon Moran passes away) ৷

খাঙিত উঠি অন্তিমবাৰৰ বাবে কাকপথাৰ স্বগৃহলৈ উভতিল জীৱন মৰাণ

লগতে পঢ়ক :আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা জীৱন মৰাণৰ মৃত্যুত শোক প্ৰকাশ পৰেশ বৰুৱাৰ

দেওবাৰে নিশা জীৱন মৰাণৰ নশ্বৰ দেহ গৃহ জিলালৈ লৈ অনা হয় ৷ তাৰ পাচত আজি অৰ্থাৎ সোমবাৰে জীৱন মৰাণৰ জন্মভূমি উবন গাঁৱত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয় আলফা নেতাগৰাকীক ।

উল্লেখ্য যে, আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ অতিকে ঘনিষ্ঠ বুলি পৰিচিত আছিল মেজৰ জেনেৰেল জীৱন মৰাণ ৷ সুদীৰ্ঘ সময় ধৰি পৰেশ বৰুৱাৰ সৈতে ছাঁৰ দৰে লাগি আছিল জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াই (Paresh Baruah grieves at Jibon Moran death)৷ আলফা (স্বা) ৰ সশস্ত্ৰ সংগ্ৰামৰ পথাৰত প্ৰায় 37 টা বছৰ স্বাধীন অসমৰ সপোন দেখি কাম কৰি 2021 চনত স্বাস্থ্যজনিত কাৰণত আলফা স্বাধীন ত্যাগ কৰি প্ৰায় আঢ়ৈ দশক পূৰ্বে এৰি থৈ যোৱা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ নিজৰ ঘৰখনলৈ ওভতি আহিছিল ৷

পৰেশ বৰুৱাৰ একালৰ অতিকে বিস্বস্ত আৰু ঘনিষ্ঠ সহযোগী ৰূপে পৰিচিত জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াই মৃত্যুৰ সময়ত ইহ সংসাৰত পত্নীসহ দুই কন্যা সন্তান এৰি থৈ যায় । গুণদ ডাঙৰীয়াৰ মৃত্যুত সমগ্ৰ তিনিচুকীয়া জিলাত পৰিছে শোকৰ ছাঁ ।

লগতে পঢ়ক :জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ শেষ নিশ্বাস

ABOUT THE AUTHOR

...view details