তিনিচুকীয়া, 30 জানুৱাৰী :শনিবাৰে তিনিচুকীয়া জিলাৰ থানা চাৰিআলিত দিল্লীৰ কৃষক আন্দোলনৰ শ্বহীদ সকলৰ প্ৰবিত্ৰ স্মৃতিত অনুস্থিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৷ এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অখিল ভাৰতীয় কৃষক সভা(AIKS), অখিল ভাৰতীয় লোকতান্ত্ৰিক মহিলা সংঘ(AIDWA), SFI, DYFI, CITU ৰ উদ্যোগত অনুস্থিত কৰা হয় ৷
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি চলি অহা কৃষক আন্দোলনত প্ৰায় ডেৰশৰো অধিক প্ৰতিবাদকাৰীয়ে প্ৰাণ আহুতি দিব লগা হৈছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰা নাই কৃষক বিৰোধী তিনিখনকৈ কৃষি আইন ৷ চৰকাৰৰ এই কাৰ্যক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছে বিভিন্ন সংগঠনৰ সদস্য সকলে ৷