তিনিচুকীয়া, 19 ছেপ্তেম্বৰ: শুকুৰবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত নৱ নিযুক্ত উপায়ুক্ত, অইল ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়া সৈতে বাঘজানবাসী ৰাইজ পুনৰ মিলিত হয় এক ত্ৰিপাক্ষিক বৈঠকত । এই বৈঠকত বাঘজানবাসীৰ প্ৰাপ্য অধিকাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷
উল্লেখ্য যে, National Green Tribunalৰ দ্বাৰা ঘোষণা কৰা প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ অধিকাৰ লাভ কৰিব ক্ষতিগ্রস্ত বাঘজানবাসীয়ে ৷ লগতে, জুই নিৰ্বাপন নোহোৱা পৰ্যন্ত বাঘজানবাসীক ভাড়াঘৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।