ডুমডুমা,2 ফেব্ৰুৱাৰী:ডুমডুমাৰ হাঁহচৰা পেট্ৰ'ল পাম্পৰ সমীপত এখন ট্ৰাক ৰৈ থকাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। PB-06X-8585 নম্বৰৰ ট্ৰাকখনে অধিক পৰিমাণৰ কাঠ কঢ়িয়াই আনি সেই স্থানত ৰৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল সংগঠনে ৷ অভিযোগ অনুসৰি ট্ৰাকখনৰ অনুজ্ঞা পত্ৰ আছে যদিও অনুজ্ঞা পত্ৰত উল্লেখ থকা পৰিমাণতকৈ অধিক কাঠ কঢ়িওৱাৰ অভিযোগ উত্থাপন কৰাৰ পাচতে বন বিষয়াই গাড়ীখনৰ মাপ নিৰূপন কৰিবলৈ তিনিচুকীয়াস্থিত বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ যোৱা হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
ডুমডুমাৰ হাঁহচৰাত কাঠসহ ট্ৰাক জব্দ - TRACK SIZED
ডুমডুমাৰ হাঁহচৰাত ৰৈ থকা ট্ৰাকক কেন্দ্ৰ কৰি চাঞ্চল্য ৷ PB-06X-8585 নম্বৰৰ ট্ৰাকখনে অধিক পৰিমাণৰ কাঠ কঢ়িয়াই আনি সেই স্থানত ৰৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল সংগঠন সমূহে ৷ তাৰ পাচতে বন বিষয়াই গাড়ীখনৰ মাপ নিৰূপন কৰিবলৈ বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ যায় ৷
ডুমডুমাৰ হাঁহচৰাত কাঠসহ ট্ৰাক জব্দ
ইফালে, ডুমডুমা বন সংমণ্ডলৰ DFO আতিকুৰ ৰহমানৰ চত্ৰ-ছায়াত দীৰ্ঘ দিনৰ পৰা বনজ সম্পদৰ অবাধ লুণ্ঠন আৰু সৰবৰাহ চলি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল-সংগঠন সমূহে। যাৰ বাবে DFO আতিকুৰ ৰহমানক ডুমডুমাৰ পৰা অতি শীঘ্ৰে বাধ্যতামূলক বদলি কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় দল-সংগঠনে ।
লগতে পঢ়ক:নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে ড্ৰাগছ ব্যৱসায়ীক সহায় কৰাৰ অভিযোগ