অসম

assam

টঙনা চাহ বাগিচাত মালিক-কৰ্মচাৰীৰ সংঘাত

By

Published : Jun 9, 2019, 11:07 AM IST

বাগিচাৰ ওচৰতে বজাৰ নিৰ্মাণ কৰোতে অতীজৰে পৰা বসবাস কৰি অহা পাঁচটাকৈ পৰিয়ালৰ ঘৰ-বাৰি ভাঙি দিব বুলি শংকিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল, যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ৷

টঙনা চাহ বাগিচাত মালিক আৰু কৰ্মচাৰীৰ মাজত বিবাদ

শদিয়া, 9 জুনঃ কাকপথাৰৰ টঙনা চাহ বাগিচাত এখন বজাৰ নিৰ্মাণ কৰাক লৈ মালিকপক্ষ আৰু বাগিচাত কৰ্মৰত বনুৱাসকলৰ মাজত চলিছে তীব্ৰ বিবাদ ৷ বজাৰখন নিৰ্মাণ কৰোতে অতীজৰে পৰা বসবাস কৰি অহা পাঁচটাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি দিব বুলি শংকিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক ৷ বজাৰখন নিৰ্মাণৰ ফলত উত্তম দাস, শ্যামল দে, সুজিৎ দেৱ, মন্টু দাস, শিবচৰণ তাঁতী আৰু ললিত তাঁতী নামৰ লোককেইগৰাকীৰ ঘৰ-বাৰী ভাঙিব বুলি অনুমান কৰি শংকিত হৈ পৰিছিল ৷ বজাৰখন নিৰ্মাণৰ বাবে মাটি পেলাই থকাৰ সময়তে বাগানখনৰ চকীদাৰ জনৈক জন কিষাণে নামৰ ব্যক্তিগৰাকীক উত্তম দাস আৰু শিবচৰণ তাঁতী নামৰ যুৱক দুজনে মাৰপিট কৰে ৷ জন কিষাণে টঙনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ সময়তে বাগানখনৰ একাংশ মহিলা আৰু পুৰুষে উত্তম দাসৰ ঘৰত প্ৰবেশ কৰি মহিলাক মাৰপিট কৰাৰ লগতে ঘৰৰ বস্তু লণ্ড-ভণ্ড কৰে ৷

টঙনা চাহ বাগিচাত মালিক আৰু কৰ্মচাৰীৰ মাজত বিবাদ

উত্তম দাসৰ পৰিয়ালে অভিযোগ কৰা মতে চাহ বাগিচাখনৰ পৰিচালকে ভয় ভাবুকি দেখুৱাই দৰমহা কৰ্তন কৰাৰ ভাবুকি দি উক্ত মহিলা আৰু পুৰুষসকলক ঘৰৰ ভিতৰত প্ৰবেশ কৰোৱাই মাৰপিটত লিপ্ত কৰোৱাই ৷ পৰিচালকে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে তেওঁলোকে মাৰপিট কৰা জন কিসানৰ পৰিয়ালৰ লোকেহে খঙত এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে আৰু এই কাৰ্যত বাগান কৰ্তৃপক্ষ কোনো জড়িত নহয় ৷ লগতে বজাৰখন নিৰ্মাণ কৰোতে কাৰো কোনোধৰণৰ ক্ষতি নহয়, আগৰ দৰেই সকলোৱে নিজৰ নিজৰ ঘৰত থাকিব পাৰিব বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে উত্তম দাসেও টঙনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ টঙনা চাহ বাগিচাৰ নিজৰ মাটিতে তেওঁলোকে বজাৰ নিৰ্মাণ কৰা বুলি জনোৱাৰ উপৰিও বাগানৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ উত্তম দাসে পুখুৰী খান্দিছিল বুলি জানিবলৈ দিয়ে ৷

আৰু পঢ়কঃ সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত ৬

ABOUT THE AUTHOR

...view details