অসম

assam

ETV Bharat / state

সমগ্ৰ বিশ্বজুৰি পৰিৱেশ দিৱস উদযাপন - তিনিচুকীয়া গুইজানস্থি

শনিবাৰে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা । তাৰ লগতে শনিবাৰে কৃষি মন্ত্ৰী অতুল বৰা তিনিচুকীয়া গুইজানস্থিত বাইপাছত উপস্থিত হৈ বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেওঁৰ সৈতে উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী আৰু ৰাজ্য চৰকাৰৰ শ্ৰম আৰু চাহ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ ।

আজি ৫ জুন: সমগ্ৰ বিশ্বজুৰি পৰিৱেশ দিৱস উদযাপন
আজি ৫ জুন: সমগ্ৰ বিশ্বজুৰি পৰিৱেশ দিৱস উদযাপন

By

Published : Jun 5, 2021, 11:06 PM IST

তিনিচুকীয়া, 5 জুন : প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত বৰ্তমান সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে দৈনিক এজোপাকৈ গছ পুলি ৰোৱাতো খুবেই প্ৰয়োজন হৈ পৰিছে। কিয়নো প্ৰকৃতি থাকিলেহে পৰিৱেশ আৰু জীৱকুল জীয়াই থাকিব। সমগ্র ৰাজ্যতে ক'ভিড মহামাৰী ভয়াৱহতাৰ বাবে আংশিক লকডাউনৰ মাজতে সকলোৱে আগবাঢ়ি আহিছে পৰিৱেশ দিৱসৰ উপলক্ষে এজোপাকৈ বৃক্ষ ৰোপণ কৰিবলৈ ।

তাৰ সমান্তৰালভাৱে শনিবাৰে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা । তাৰ লগতে শনিবাৰে কৃষি মন্ত্ৰী অতুল বৰা তিনিচুকীয়া গুইজানস্থিত বাইপাছত উপস্থিত হৈ গছপুলি ৰোপণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে তেওঁৰ সৈতে উপস্থিত থাকে সাংসদ ৰামেশ্বৰ তেলী আৰু ৰাজ্য চৰকাৰৰ শ্ৰম আৰু চাহ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ ।

আজি ৫ জুন: সমগ্ৰ বিশ্বজুৰি পৰিৱেশ দিৱস উদযাপন

বৰ্তমান বিজ্ঞান-প্ৰযুক্তি-বিদ্যাৰ যুগত যান-বাহন,উদ্যোগ-প্ৰতিষ্ঠান আদি দ্ৰুত গতিত বৃদ্ধি পাইছে । যাৰ ফলত পৰিৱেশৰ ওপৰত ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে । সেইবাবে একাংশৰ মতে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত এনেধৰণৰ লক ডাউন হোৱাটো খুবেই প্ৰয়োজন অনুভৱ কৰিছে । ইফালে তিনিচুকীয়া জিলা খনত দেখিবলৈ পোৱা যায় চোৰাং কাঠৰ ৰমৰমীয়া বেহা । পেঙেৰীৰ টৰানী, খাটাংপানী শদিয়াৰ বনাঞ্চল সমুহকেই ধৰি আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত গছ-গছনিৰ ঘনত্ব দিনক দিনে দ্ৰুত গতিত হ্ৰাস পাইছে । কেইটামান টকাৰ লালসাত একাংশই বহু মূল্যৱান গছ-গছনি কাটি তহিলং কৰিছে । যাৰ বাবে খাদ্যৰ সংকট আৰু আশ্ৰয়হীন হৈ পৰিছে বন্যপ্ৰাণী সমূহ ।
আনহাতে বন্যহস্তী সমূহে খাদ্য সংকটত ভুগি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে । যাৰ পৰিপ্ৰেক্ষিতত দিনক দিনে হাতী-মানুহৰ সংঘাত বৃদ্ধি হৈছে । উল্লেখযোগ্য যে, বিগত বৰ্ষত জিলাখনত বহু ঠাইত হাতী-মানুহৰ সংঘাত দেখিবলৈ পোৱা গৈছিল । যাৰ ফলত প্ৰায় অতি কমেও ১৫ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল । সেয়েহে চৰকাৰ আৰু বন বিভাগ অতি কঠোৰ নহ’লে অনাগত দিনত মানুহে আৰু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি মন্তব্য প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমী সকলে ।

ABOUT THE AUTHOR

...view details