দাবী দিৱসত মিচিং ছাত্ৰ সন্থাৰ জোঁৰ সমদল - মিচিং ছাত্ৰ সন্থা
প্ৰতিবছৰে 5 মে’ দিনটোত মিচিং জনগোষ্ঠীয়ে দাবী দিৱস হিচাপে পালন কৰি আহিছে ৷ দেওবাৰেও জনগোষ্ঠীটোৰ দাবী দিৱস উপলক্ষে তিনিচুকীয়াৰ ফিল’বাৰীত বাহিৰ কৰে এক জোঁৰ সমদল ৷
ডুমডুমা, 5 মেঃ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ দাবীত দেওবাৰে সমগ্ৰ অসমতে মিচিং জনগোষ্ঠীৰ লোকসকলে দাবী দিৱস পালন কৰে ৷ এই দাবী দিৱসৰ দিনটোতেই তিনিচুকীয়াৰ ফিল’বাৰীতো টাকাম মিচিং পৰিন কেবাঙৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত আৰু ফিল’বাৰীৰ সকলো মিচিং জনগোষ্ঠীয় সংগঠনৰ সহযোগত কেবা শতাধিক লোকে সন্ধিয়া এক জোঁৰ সমদল বাহিৰ কৰে ৷ এই সমদলৰ অন্তত ফিল'বাৰী তিনিআলিত এখনি পথ সভা অনুষ্ঠিত কৰা হয় । পথসভাত টাকাম মিচিং পৰিন কেবাঙৰ কেন্দ্ৰীয় উপ-সভাপতি মিণ্টুৰাজ মৰাং, জিলা সভাপতি বাণীকান্ত দলে , সম্পাদক গৌৰৱ পাদুন, কেন্দ্ৰীয় সদস্য অমৰজিত কামাঙ আৰু টাকাম মিচিং মিমাক কেবাঙৰ জনাৰ্দন কছাৰীয়ে বক্তব্য আগবঢ়াই । সভাত মিচিং ভূমিপুত্ৰ সকলক ভূমিপট্টা প্ৰদান, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বসবাস কৰা মিচিং লোকসকলক হাৰাশাস্তি নকৰি পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে ।