অসম

assam

ETV Bharat / state

ৰাজ্যৰ অভয়াৰণ্যৰ প্ৰতি ভাবুকিঃ তৈল-কয়লা খননক লৈ কেন্দ্ৰৰ বিৰুদ্ধে তিনিচুকীয়াত প্ৰতিবাদ - তৈল-কয়লা খনন

শেহতীয়াভাৱে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বাঘজান অঞ্চলৰ উত্তৰ-পশ্চিম এলেকাৰ ৭ টাকৈ স্থানত তৈল খননৰ বাবে ৰাষ্ট্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে অনুমোদন প্ৰদান কৰিছে অইল ইণ্ডিয়া লিমিটেডক । এই বিজ্ঞাপন প্ৰকাশৰ পিছতে ইয়াৰ বিৰোধিতা কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন পৰিবেশ কৰ্মীসকলে ।

Tinsulkia protest aganist Dihing Patkai Coal mining
ৰাজ্যৰ অভয়াৰণ্যৰ প্ৰতি ভাৱকিঃ কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদ তিনিচুকীয়াত

By

Published : May 20, 2020, 4:35 PM IST

Updated : May 20, 2020, 5:28 PM IST

তিনিচুকীয়া,20 মেঃ সম্প্ৰতি ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰিছে #SaveDehingPatkai নামৰ এক আন্দোলনে । দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ বাবে নেশ্যনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফে অনুমোদন প্ৰদান কৰিছে ক'ল ইণ্ডিয়া নামৰ এক প্ৰতিষ্ঠানক ।

ডিব্ৰু ছৈখোৱাত তেল খননৰ চৰকাৰী বিজ্ঞাপন
ডিব্ৰু ছৈখোৱাত তেল খননৰ অনুমতি

ইয়াকে লৈ জাঙুৰ খাই উঠিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সকল । 'আমাজন অৱ ইষ্ট' নামৰে খ্যাত অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনক ৰক্ষাৰ বাবে বিভিন্ন সামাজিক মাধ্যমত গঢ়ি তোলা হৈছে এক অনলাইন আন্দোলন ।

তিনিচুকীয়াত প্ৰতিবাদ

ইয়াৰ পিছতেই শেহতীয়াভাৱে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বাঘজান অঞ্চলৰ উত্তৰ-পশ্চিম এলেকাৰ ৭ টাকৈ স্থানত তৈল খননৰ বাবে ৰাষ্ট্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে অনুমোদন প্ৰদান কৰিছে অইল ইণ্ডিয়া লিমিটেডক । এই বিজ্ঞাপন প্ৰকাশৰ পিছতে ইয়াৰ বিৰোধীতা কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন পৰিবেশ কৰ্মীসকলে ।

তিনিচুকীয়াত প্ৰতিবাদ

চৰকাৰে কোনো ধৰণৰ ৰাজহুৱা শুনানি গ্ৰহণ নকৰাকৈয়ে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দিহিং পাটকাইৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই সিদ্ধান্ত বাতিলৰ দাবীত প্ৰতিবাদ কৰে সংগঠনকেইটাই ।

লগতে পঢ়ক- কোন দিশে "আমাজন অফ ইষ্ট" দিহিং-পাটকাই বৰ্ষাৰণ্যৰ ভৱিষ্যৎ !

Last Updated : May 20, 2020, 5:28 PM IST

ABOUT THE AUTHOR

...view details