অসম

assam

ETV Bharat / state

ডুমডুমাত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান - ৰাজীৱ ভৱন

তিনিচুকীয়াত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান ৷ ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণৰ আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান ৷

Tinsukiya Doomdoma Congress Meeting, More than 100 BJP Workers Join Congress
ডুমডুমাত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

By

Published : Sep 20, 2020, 8:52 PM IST

ডুমডুমা, 20 ছেপ্তেম্বৰ :সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত ক্ৰমান্বয়ে তীব্ৰতৰ হ'বলৈ ধৰিছে ৰাজনৈতিক বতাহ । তিনিচুকীয়া জিলাৰ 125 নং ডুমডুমা বিধানসভা সমষ্টিতো বলিছে নিৰ্বাচনী বতাহ ।

দেওবাৰে ডুমডুমাস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছৰ এক বৃহৎ যোগদান সমাৰোহ আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায় । সভাত নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰা ডুমডুমা সমষ্টিৰ বিজেপি দলৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰায় ডেৰ শতাধিক বিজেপি কৰ্মীয়ে আনুষ্ঠানিকভাবে কংগ্ৰেছত যোগদান কৰে ।

ডুমডুমাত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

ইফালে, বিজেপিত যোগদান কৰাৰ পিচত দেওবাৰে ডুমডুমা ৰাজীৱ ভৱনত উপস্থিত হৈ ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

ডুমডুমাত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

লগতে পঢ়ক :অচিনাক্ত কীটে এফালৰ পৰা ধ্বংস কৰিছে খেতিৰ ফচল

For All Latest Updates

ABOUT THE AUTHOR

...view details