অসম

assam

ETV Bharat / state

অসমক গৌৰাম্বিত কৰিলে তিনিচুকীয়া জিলা পৰিষদে - তিনিচুকীয়া জিলা পৰিষদ ই পঞ্চায়ত পুৰস্কাৰ লাভ

স্বচ্ছ আৰু নিকা মনোবৃত্তিৰে পঞ্চায়তৰ উন্নয়নৰ হকে কাম কৰি অহাৰ বাবে তিনিচুকীয়া জিলা পৰিষদে ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে আগবঢ়োৱা e-Panchayat ৰাষ্ট্ৰীয় বঁটা শিতানত অসমে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে । কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ পৰা বঁটা গ্ৰহণ কৰিলে তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণে ৷

তিনিচুকীয়া জিলা পৰিষদৰ বৃহৎ সাফল্য

By

Published : Oct 28, 2019, 6:34 PM IST


তিনিচুকীয়া , 28 অক্টোবৰঃ তিনিচুকীয়া জিলা পৰিষদৰ বৃহৎ সফলতা ৷ স্বচ্ছ আৰু নিকা মনোবৃত্তিৰে পঞ্চায়তৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰ বাবে তিনিচুকীয়া জিলা পৰিষদে অসমৰ ভিতৰতে স্থান লাভ কৰাৰ লগতে ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে আগবঢ়োৱা e-Panchayat (Category 1) ৰাষ্ট্ৰীয় বঁটা শিতানত অসমে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে । ২৩ অক্টোবৰত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান চৌহদৰ চি সুব্ৰমনিয়ম হলত কেন্দ্ৰীয় পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ উপস্থিতিত এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় ৷

উল্লেখযোগ্য যে , ভাৰত চৰকাৰৰ দীনদয়াল উপাধ্যায় পঞ্চায়ত স্ব-শক্তিকৰণ ৰাষ্ট্ৰীয় বঁটাৰ বাবে অসমৰ পৰা তিনিচুকীয়া জিলা পৰিষদে স্থান লাভ কৰাৰ লগতে ৰাজ্যখনৰ কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬৭নং দামপুৰ গাঁও পঞ্চায়ত, কামৰূপ মেট্ৰ'ৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত তেঁতেলীয়া পঞ্চায়ত আৰু মৰিগাঁও মায়ঙৰ বাঘজাপ পঞ্চায়তে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ।

ভাৰত চৰকাৰৰে প্ৰদান কৰা এই বঁটাত মানপত্ৰ, ট্ৰফীসহ পঞ্চায়ত উন্নয়নৰ বাবে প্ৰতিটো পঞ্চায়তে ১৫ লাখ টকাকৈ আৰ্থিক পুৰস্কাৰ লাভ কৰিছে । ইয়াৰোপৰি Child Friendly শিতানত দেওঁশাল পঞ্চায়তে বঁটা লাভ কৰিবলৈ সক্ষম হয় । বঁটা গ্ৰহণ কৰি দেওবাৰে সন্ধিয়া তিনিচুকীয়াত উপস্থিত হয়হি তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণ ৷ বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰা তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণে আৰু দুগুণ উৎসাহেৰে ভৱিষ্যতৰ দিনত জিলা পৰিষদৰ হৈ কাম কৰি যোৱাৰ পৰিকল্পনা হাতত লোৱাৰ বিষয়ে জানিবলৈ দিয়ে ৷

তিনিচুকীয়া জিলা পৰিষদৰ বৃহৎ সাফল্য

লগতে পঢ়কঃ যোৰহাটত আবতৰীয়া বান: আক্ৰান্ত বহু গাঁও

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details