মাৰ্ঘেৰিটা, 26 জুনঃএটা শিশুক অশেষ কষ্টেৰে তুলি-তালি ডাঙৰ দীঘল কৰে এগৰাকী মাতৃয়ে। জীৱনৰ প্ৰথম পাঠদান কৰে এগৰাকী মাতৃয়ে। 'মা' শব্দটোত সোমাই আছে মমতা, মৰম, চেনেহ আৰু শাসন। কিন্তু মাকৰ শাসনৰ অন্তৰালত লুকাই থকা মৰমক বুজি পোৱাৰ অসমৰ্থ সন্ধ্যা ৷ ফলশ্ৰুতিত আজি কন্যাৰ বাবে বিনাইছে এইগৰাকী মাতৃয়ে ৷
দৰাচলতে, বিগত চাৰি দিনে ঘৰৰ পৰা ওলাই গৈ নিখোজ হৈ আছে তিনিচুকীয়াৰ সন্ধ্যা তামাং নামৰ এগৰাকী মহিলা ৷ ইতিমধ্যে স্থানীয় আৰক্ষীক খবৰ কৰা হৈছে যদিও আৰক্ষীয়েও কোনো সন্ধান পোৱা নাই সন্ধ্যাৰ ৷ জানিব পৰা মতে, 23 জুনৰ দিনা মাতৃৰ সৈতে কোনো কাৰণত তৰ্কা-তৰ্কিত লিপ্ত হৈছিল সন্ধ্যা ৷ পৰৱৰ্তী সময়ত মাতৃয়ে সন্ধ্যাক চৰ মৰাৰ ফলত ঘৰৰ পৰা ওলাই যায় সন্ধ্যা ৷