তিনিচুকীয়া,7 আগষ্টঃস্বাধীনতা দিৱসৰ পূৰ্বে বিদ্ৰোহী সংগঠন আলফা স্বাধীনত পুনৰ মোক্ষম আঘাত ৷ তিনিচুকীয়া পেঙেৰীৰ টেকেৰী গাঁৱত আত্মসমৰ্পণ দুই দুধৰ্ষ আলফা সদস্যৰ ৷ গোপন সূত্ৰৰ তথ্য অনুসৰি, তিনিচুকীয়া আৰক্ষী, 210 কোব্ৰা, 68 বেটালিয়ন চিআৰপিএফ, 21 পেৰা আৰু ৩য় গাড়ৱাল ৰেজিমেণ্টে চলোৱা এক যুটীয়া অভিযানত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আলফা স্বাধীনৰ দুয়োগৰাকী কেডাৰে ৷
তিনিচুকীয়াত দুই দুধৰ্ষ আলফা সদস্যৰ আত্মসমৰ্পণ - etv bharat
আত্মসমৰ্পণকাৰী আলফা সদস্য দুগৰাকী হ’ল ধেমাজিৰ প্ৰণৱজ্যোতি বৰা ওৰফে ৰিদীপ অসম আৰু শদিয়া অমৰপুৰৰ ৰোহিত কুলি ওৰফে পল অসম ৷

তিনিচুকীয়াত দুই দুধৰ্ষ আলফা সদস্যৰ আত্মসমৰ্পণ
আত্মসমৰ্পণকাৰী দুই আলফা সদস্য হৈছে ক্ৰমে ধেমাজিৰ প্ৰণৱজ্যোতি বৰা ওৰফে ৰিদীপ অসম আৰু শদিয়া অমৰপুৰৰ ৰোহিত কুলি ওৰফে পল অসম ৷ আত্মসমৰ্পণকাৰী দুই আলফা কেডাৰৰ পৰা দুটা চাইনীজ হেণ্ড গ্ৰেণেড জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
Last Updated : Aug 8, 2019, 8:55 AM IST