তিনিচুকীয়া, ১১ ফেব্ৰুৱাৰী:তিনিচুকীয়া জিলাৰ আমগুৰিত শোকাকুল পৰিৱেশ (Tragic situation in Tinsukia)। একেলগে জ্বলিল দুই ভাতৃৰ চিতা । অগণন লোকে ভিৰ কৰিলে আমগুৰি গাঁৱত । শোকস্তব্ধ সমগ্ৰ অঞ্চলটোৰ লোক ।
পশ্চিমবংগৰ বাগডৌগ্ৰাত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা দুই ভাতৃৰ মৃতদেহ বাসগৃহত উপস্থিত হোৱাৰ পাছতে তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ আমগুৰিত শোকাকূল পৰিৱেশে বিৰাজ কৰে (Two brothers killed in accident)। আমগুৰি গাঁৱৰ প্ৰভুৰাম শৰ্মাৰ দুই পুত্ৰ ক্ৰমে বিজয় শৰ্মা আৰু মাধৱ শৰ্মাৰ নশ্বৰ দেহ আহি পোৱাৰ পাছতে পৰিয়ালৰ লোকসকল কান্দোনত ভাগি পৰিছে । অমায়িক তথা নম্র স্বভাৱৰ বাবে সকলোৰে মাজত প্ৰিয় ভাতৃদ্বয়ৰ মৃত্যুৰ খবৰে অঞ্চলবাসীকো শোকস্তব্ধ কৰি তুলিছে ।
উল্লেখ্য যে, এখন বিশেষ এম্বুলেন্সেৰে দুয়োগৰাকী ভাতৃৰ মৃতদেহ পশ্চিমবংগৰ পৰা ফিল'বাৰীলৈ অনা হৈছে । পাছত মইলা নৈৰ পাৰৰ পুণ্যজান গাঁৱৰ শ্মশানঘাটত একেলগে দুয়োগৰাকী ভাতৃৰ শেষকৃত্য সম্পন্ন কৰা হয় । জানিব পৰা মতে চকুৰ চিকিৎসাৰ বাবে যোৱা ৮ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ৰে'লেৰে দুয়োগৰাকী ভাতৃ নেপাল লৈ গৈছিল । ৯ ফেব্ৰুৱাৰীৰ পুৱা ৰে'লৰ পৰা নামি নিউ জলপাইগুড়িৰ পৰা এখন যাত্রীবাহী বাহনৰে নেপাললৈ বুলি যাত্ৰা কৰিছিল তিনিচুকীয়াৰ দুই ভাতৃয়ে । বাহনখনৰ সন্মুখৰ আসনত বহি চিকিৎসাৰ বাবে নেপাললৈ বুলি যাত্ৰা কৰিছিল দুয়োগৰাকীয়ে ।