অসম

assam

ETV Bharat / state

শদিয়াত উগ্ৰপন্থীৰ সন্ধানত অসম আৰক্ষীৰ ব্যাপক অভিযান - sadia tengapani na dihing

প্ৰতি বছৰে গণৰাজ্য দিৱস,স্বাধীনতা দিৱস বৰ্জন কৰি আহিছে আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বৰ কেইবাটাও বিদ্ৰোহী সংগঠনে। গণৰাজ্য দিৱসত যাতে বিদ্ৰোহী সংগঠন সমূহে কোনো ধৰণৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম কৰি তোলা হৈছে নিৰাপত্তা বাহিনীক । স্পৰ্শকাতৰ অঞ্চল সমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। শুকুৰবাৰে অসম-অৰুণাচল সীমান্তৰ উগ্ৰপন্থীৰ ৰম্যভূমি টেঙাপানীত আৰক্ষীৰ অভিযান ৷ চাওক আমাৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ বিশেষ প্ৰতিবেদন....

শদিয়াত উগ্ৰপন্থীৰ সন্ধানত অসম আৰক্ষীৰ ব্যাপক অভিযান
শদিয়াত উগ্ৰপন্থীৰ সন্ধানত অসম আৰক্ষীৰ ব্যাপক অভিযান

By

Published : Jan 24, 2020, 7:49 PM IST

Updated : Jan 24, 2020, 8:00 PM IST

তিনিচুকীয়া. 24 জানুৱাৰীঃগণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত সমগ্ৰ ৰাজ্যজুৰি উগ্ৰপন্থীৰ কুটাঘাট ৰোধ কৰিবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী। শুকুৰবাৰে শদিয়াৰ অসম-অৰুণাচল সীমান্তৰ টেঙাপানীত ন-দিহিং নদী পাৰ হৈ শদিয়া আৰক্ষীয়ে চলালে ব্যাপক অভিযান। অসম অৰুণাচল সীমান্তৱৰ্তী শদিয়াৰ বিভিন্ন অঞ্চলত উগ্ৰপন্থীৰ কূটাঘাত ৰোধ কৰাৰ উদ্দেশ্যে পুৱাৰ পৰা অভিযান চলাই ৷

বিদ্ৰোহী সংগঠনৰ সদস্যৰ সন্ধানত আৰক্ষী

প্ৰতি বছৰে গণৰাজ্য দিৱস,স্বাধীনতা দিৱস বৰ্জন কৰি আহিছে আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বৰ কেইবাটাও বিদ্ৰোহী সংগঠনে । গণৰাজ্য দিৱসত যাতে বিদ্ৰোহী সংগঠন সমূহে কোনো ধৰণৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম কৰি তোলা হৈছে নিৰাপত্তা বাহিনীক । স্পৰ্শকাতৰ অঞ্চল সমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। শুকুৰবাৰে অসম-অৰুণাচল সীমান্তৰ উগ্ৰপন্থীৰ ৰম্যভূমি টেঙাপানীত শদিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া,উপ-আৰক্ষী অধীক্ষক পৃথিৰাজ ৰাজখোৱা আৰু ছৈখোৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চামছুদ্দিন আহমেদৰ নেতৃত্বত চলে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান ৷ নাৱেৰে ন-দিহিং নদী পাৰহৈ উগ্ৰপন্থীৰ অন্যতম আশ্ৰয় থলী টেঙাপানী অঞ্চলত উগ্ৰপন্থীৰ গতিবিধি নিৰীক্ষণ কৰে আৰক্ষীৰ দলে ।

অসম-অৰুণাচল সীমান্তত আৰক্ষীৰ অভিযান

ইপিনে শদিয়া আৰক্ষী জিলাৰ স্পৰ্শকাতৰ অঞ্চল সমূহত ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে শদিয়াৰ আৰক্ষী অধীক্ষক বি ভি মিনাই । ইতিমধ্যে গণৰাজ্য দিৱসৰ কাৰ্যসূচী বৰ্জনৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে আলফা স্বাধীনৰ কৰ্তৃপক্ষই ৷ তাৰ পৰিপ্ৰেক্ষিটত এতিয়া ৰাজ্যজুৰি এইদৰে সষ্টম হৈ পৰিছে সেনা-আৰক্ষী ৷

অসম-অৰুণাচল সীমান্তৰ টেঙাপানীত অভিযান

লগতে চাওকঃগুণমুগ্ধক শোক সাগৰত পেলাই অজান দেশলৈ ড0 গোলক চন্দ্ৰ গোস্বামী

Last Updated : Jan 24, 2020, 8:00 PM IST

ABOUT THE AUTHOR

...view details