অসম

assam

ETV Bharat / state

ভোগালীৰ আনন্দত মতলীয়া তিনিচুকীয়া আৰক্ষী - ভোগালীৰ আনন্দত মতলীয়া তিনিচুকীয়া

Bhogali Bihu Celebration : মাঘ বিহু তথা ভোগালী বিহুৰ আনন্দত বুৰ গৈছে সমগ্ৰ অসম । দেওবাৰে নিশা উৰুকাৰ ভোজ-ভাতৰ পিছত সোমবাৰে পৰম্পৰাগত নীতি-নিয়মেৰে মেজিত জুই জ্বলাই সকলো অসূয়া-অমংগল নাশৰ প্ৰাৰ্থনা কৰে ৰাজ্যবাসীয়ে । লগতে সোমবাৰে মাঘ বিহু উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি পৰম্পৰাগত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয় । আনহাতে, সদাব্যস্ত আৰক্ষীয়ে নিজৰ কৰ্মব্যস্তাত এৰি তিনিচুকীয়াত মাঘ বিহুৰ পৰম্পৰা পালনৰ লগতে ভোগালীৰ আনন্দ উপভোগ কৰে ।

তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ মেজিত জুই
তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ মেজিত জুই

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 5:01 PM IST

ভোগালীৰ আনন্দত মতলীয়া তিনিচুকীয়া আৰক্ষী

তিনিচুকীয়া, ১৫ জানুৱাৰী : ভোগৰ উৎসৱ ভোগালী বিহুৰ আনন্দত এতিয়া অসমৰ সৰ্বসাধাৰণৰ গা সাতখন-আঠখন । পৰম্পৰাগত ৰাতি-নীতিৰে সমগ্ৰ ৰাজ্যতে সোমবাৰে উদযাপন কৰা হৈছে মাঘ বিহু । ইয়াৰ পূৰ্বে দেওবাৰে ভেলাঘৰত লগে-ভাগে এসাঁজ খোৱাৰ লগতে মেজি জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা জনোৱা হয় । ভোগালীৰ আনন্দত এতিয়া একপ্ৰকাৰ মতলীয়া সকলোৱে ।

এইক্ষেত্ৰত পিছপৰি থকা নাই আৰক্ষী বাহিনীৰ লোকসকলো । জনতাৰ সেৱাৰ্থে ঘৰ-পৰিয়ালৰ পৰা দূৰৈত সদাব্যস্ত হৈ থকা তিনিচুকীয়াৰ আৰক্ষী জোৱানসকলে নাচিবাগি পালন কৰে ভোগৰ উৎসৱ ভোগালী বিহু ৷ তিনিচুকীয়াৰ নখৰাইস্থিত আৰক্ষী ছাউনিত আয়োজন কৰা ভোগালী বিহুৰ মেজিত তামোল-পাণ আগবঢ়াই সেৱা কৰি জুই জ্বলায় তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে ৷

মেজিত জুই জ্বলোৱাৰ পাছত আৰক্ষী অধীক্ষকগৰাকীৰ লগতে কৰ্তব্যৰত আৰক্ষী বিষয়া তথা জোৱানসকলে ঢোলৰ চাপত কঁকাল ভাঙি বিহু নাচি আনন্দ উল্লাস কৰাও পৰিলক্ষিত হয় । পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষকগৰাকীৰ সমান্তৰালভাৱে অন্যসকলেও টেকেলি ভঙা, চকী খেল আদি পৰম্পৰাগত খেল-ধেমালিত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰাৰ লগতে ভোগালীৰ জলপানৰ সোৱাদ গ্ৰহণ কৰে ৷

উল্লেখ্য যে মাঘ বিহু উপলক্ষে সোমবাৰে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডায়ো অসমবাসীক শুভেচ্ছা জনায় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াতে অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জনায় । এক্স হেণ্ডেলত তেওঁৰ শুভেচ্ছাবাৰ্তাত লিখিছে, "মাঘ বিহুৰ শুভেচ্ছা যাচিছোঁ । প্ৰকৃতিৰ ফচলৰ সৌন্দৰ্যই সকলোৰে জীৱনলৈ আশা আৰু আনন্দ কঢ়িয়াই আনক । আগন্তুক সময়বোৰ সুখ আৰু আশাৰে ভৰি পৰক ।"

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক ভোগালীৰ ওলগ জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিজেপিৰ সভাপতিক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :ভোগালী বিহু উপলক্ষে নগাঁৱৰ নেহৰুবালিত ভোগালী উৎসৱ

ABOUT THE AUTHOR

...view details