তিনিচুকীয়া, 26 ছেপ্তেম্বৰঃঅসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অপৰাধত তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জয়দেৱ বৰুৱা নামৰ এজন যুৱকক ৷ পলাতক অৱস্থাত থকা জয়দেৱ বৰুৱাক শনিবাৰে পুৱতি নিশা তিনিচুকীয়াৰ বৰদলৈ নগৰৰ আত্মীয়ৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে ।
SI নিযুক্তি কেলেংকাৰীঃ তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ জয়দেৱ বৰুৱা - assam police sub inspector appointment scam
বৰ্তমান তিনিচুকীয়া আৰক্ষীয়ে জয়দেৱ বৰুৱাক CID ক চমজাই দিছে আৰু তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হৈছে ।

জয়দেৱ বৰুৱা
আটকাধীন জয়দেৱ বৰুৱাৰ ঘৰ গুৱাহাটীৰ চান্দমাৰিত বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, জয়দেৱ বৰুৱাই ২০১২ চনৰ পৰা পি কে দত্তৰ মালিকানাধীন গুৱাহাটীৰ ভাৰ্গৱ হোটেলৰ একাউণ্ট মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল । আটকাধীন জয়দেৱ বৰুৱাক তিনিচুকীয়া আৰক্ষীয়ে CIDক চমজাই দিয়াৰ পিছতেই ইতিমধ্যে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হৈছে ।
TAGGED:
জয়দেৱ বৰুৱা