অসম

assam

By

Published : Jul 21, 2020, 4:14 PM IST

ETV Bharat / state

কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ

মঙলবাৰে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত তিনিচুকীয়া জিলাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়া জিলা গণতান্ত্ৰিক নাগৰিক সমাজৰ উদ্যোগত তিনিচুকীয়াত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷ আপোচবিহীন সংগ্ৰামী নেতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা কাৰাবন্দী অখিল গগৈৰ উন্নত চিকিৎসাৰ লগতে মানৱীয়তাৰ স্বাৰ্থত অনতিপলমে মুক্তি দিয়াৰ দাবীত হাতে হাতে বেনাৰ লৈ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ৷

TINSUKIA OLD CITIZEN SOCIETY PROTEST AT TINSUKIYA, PROTERSTERS DEMAND RELEASE TO AKHIL GOGOI
কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত তিনিচুকীয়াত নাগৰিক সমাজৰ প্ৰতিবাদ

তিনিচুকীয়া, 21জুলাই : ৰাজ্য়ত কৰ'ণা মহামাৰী আৰু বানপানীৰ সন্ত্ৰাস চলি থকাৰ সময়তে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ অনতিপলমে নেতা গৰাকীক বিনাচৰ্তে মুকলি কৰি দিবলৈ প্ৰতিবাদকাৰী ৰাইজে প্ৰতিবাদৰ বিভিন্ন পদ্ধতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷

কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত তিনিচুকীয়াত নাগৰিক সমাজৰ প্ৰতিবাদ

মঙলবাৰে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত তিনিচুকীয়া জিলাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়া জিলা গণতান্ত্ৰিক নাগৰিক সমাজৰ উদ্যোগত তিনিচুকীয়াত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷

প্ৰতিবাদকাৰী ৰাইজৰ দাবী অনুসৰি,আপোচবিহীন সংগ্ৰামী নেতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা কাৰাবন্দী অখিল গগৈৰ উন্নত চিকিৎসাৰ লগতে মানৱীয়তাৰ স্বাৰ্থত অনতিপলমে মুক্তি দিয়াৰ দাবীত হাতে হাতে বেনাৰ লৈ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে,বাঘজান তৈলক্ষেত্ৰত ক্ষতিগ্ৰস্ত লোকক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে অসমৰ বান-গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী ৰাইজে ৷ লগতে,ৰাজহুৱা প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণৰ সিদ্ধান্ত পৰিহাৰ কৰা আৰু ৰে’ল-তৈলক্ষেত্ৰসমূহ বিক্ৰী বন্ধ কৰাৰো দাবী সংগঠনটোৰ ৷

লগতে পঢ়ক : ঠিকাদাৰৰ গাফিলতিৰ বাবে দুৰ্ভোগ ৰাইজৰ

ABOUT THE AUTHOR

...view details