অসম

assam

ETV Bharat / state

নেছ'ৰ উত্তৰ পূৰ্বাঞ্চল বন্ধত স্তব্ধ বাণিজ্যিক চহৰ তিনিচুকীয়া - উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা

উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা,সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা উত্তৰ পূৰ্বাঞ্চল বন্ধৰ প্ৰভাৱ সৰ্বাত্মক তিনিচুকীয়া জিলাত ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী সকলে চহৰ খনত এক বিশাল বাইক ৰেলী কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

নেছ'ৰ উত্তৰ পূৰ্বাঞ্চল বন্ধত স্তব্ধ বাণিজ্যিক চহৰ তিনিচুকীয়া
নেছ'ৰ উত্তৰ পূৰ্বাঞ্চল বন্ধত স্তব্ধ বাণিজ্যিক চহৰ তিনিচুকীয়া

By

Published : Dec 10, 2019, 4:17 PM IST

Updated : Dec 10, 2019, 4:36 PM IST

তিনিচুকীয়া,10 ডিচেম্বৰ :নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা,সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা উত্তৰ পূৰ্বাঞ্চল বন্ধৰ প্ৰভাৱ সৰ্বাত্মক তিনিচুকীয়া জিলাত ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী সকলে চহৰ খনত এক বিশাল বাইক ৰেলী কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহায়ে কয় যে, অসম কেৱল খিলঞ্জীয়াৰ , বিদেশীৰ চৰণীয়া পথাৰ নহয় ৷ কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব ৷ সৰ্বানন্দ সোণোৱালক খলনায়ক আখ্যা তিনিচুকীয়া আছুৰ ৷

নেছ'ৰ উত্তৰ পূৰ্বাঞ্চল বন্ধত স্তব্ধ বাণিজ্যিক চহৰ তিনিচুকীয়া

আনহাতে, একাংশ মহিলাই চৰকাৰৰ এই সিদ্ধান্তত ক্ষোভিত হৈ চকুপানী টোকে ৷ চৰকাৰখনে সকলো আশা-ভৰষা শেষ কৰি খিলঞ্জীয়াক কুঠাৰাঘাত কৰিলে বুলি মন্তব্য স্থানীয় লোকৰ ৷

লগতে চাওকঃ ডিব্ৰুগড় আৰু নাজিৰাত উৰিল আলফাৰ পতাকা

Last Updated : Dec 10, 2019, 4:36 PM IST

ABOUT THE AUTHOR

...view details