অসম

assam

ETV Bharat / state

কাকপথাৰত ২৮ সংখ্যক তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ - উচ্চ ইংৰাজী বিদ্যালয়

ছাত্ৰ অৱস্থাৰ পৰাই শিশু সকলক বিজ্ঞান শিক্ষাৰ যোগেদি ভৱিষ্যতে সমাজ ব্যৱস্থাত সু-পৰিবৰ্তনৰ লগতে বিশ্বক আগুৱাই নি এক সুস্থ সৱল পৰিৱেশেৰে ছাত্ৰ সকলৰ জড়িয়তে দেশক আগুৱাই নিয়াৰ উদ্দেশ্যৰে কাকপথাৰ মাইঠংৰ সাৰ্বজনীন উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা হয় ২৮ সংখ্যক তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২০ ৷

কাকপথাৰত ২৮ সংখ্যক তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ
কাকপথাৰত ২৮ সংখ্যক তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

By

Published : Dec 26, 2020, 9:14 PM IST

শদিয়া,26 ডিচেম্বৰঃ সমাজৰ কু-সংস্কাৰ,অন্ধবিশ্বাস দূৰ কৰাৰ লগতে প্ৰতিটো খোজতে জনসাধাৰণ জীৱনত গুৰুত্বপূৰ্ণ অৱদান আছে বিজ্ঞানৰ ৷ ছাত্ৰ অৱস্থাৰ পৰাই শিশু সকলক বিজ্ঞান শিক্ষাৰ যোগেদি ভৱিষ্যতে সমাজ ব্যৱস্থাত সু-পৰিবৰ্তনৰ লগতে বিশ্বক আগুৱাই নি এক সুস্থ সৱল পৰিৱেশেৰে ছাত্ৰ সকলৰ জড়িয়তে দেশক আগুৱাই নিয়াৰ উদ্দেশ্যৰে কাকপথাৰ মাইঠংৰ সাৰ্বজনীন উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা হয় ২৮ সংখ্যক তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২০ ৷

কাকপথাৰত ২৮ সংখ্যক তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

শনিবাৰে অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা বৈজ্ঞানিক পদ্ধতিৰে মূল পতাকা উত্তোলন কৰা লগতে স্মৃতি তৰ্পন অনুষ্ঠিত হয় ৷ ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰে ৷ পৰৱৰ্তী কাৰ্যসূচী মতে এই সমাৰোহত অংশগ্ৰহণ কৰা তিনিচুকীয়া জিলাৰ ৯২ খন বিভিন্ন বিদ্যালয়ে মুঠ ১১৩ টা প্ৰকল্প উপস্থাপন কৰে ৷ এই উপস্থাপন প্ৰক্ৰিয়াৰ জড়িয়তে ছাত্ৰ-ছাত্ৰী সকলক ৰাজ্যিক পৰ্যায়লৈ বাচনি কৰা হ’ব বুলি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাষ্ট্ৰীয় সমন্বয়ক আৰু জিলা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সাৰ্বজনীন উচ্চ ইংৰাজী বিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে কাকপথাৰৰ অসম অৰুনাচল সীমান্তৱৰ্তী ডিৰাক মাইঠং অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকল শৈক্ষিক দিশত আগবাঢ়ি যাব বুলি আশা কৰিব পাৰি ৷

লগতে পঢ়কঃ টাৱাং ছেক্টৰত আইটিবিপিৰ নিৰাপত্তা সন্দৰ্ভত বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details