তিনিচুকীয়া, ৭ এপ্ৰিল : সুদীৰ্ঘ দিনৰ অনিশ্চয়তা, দুঃশ্চিন্তা আৰু ন্য়ায়ৰ যুঁজৰ অন্তত অৱশেষত উদ্ধাৰ হ'ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ (Pranjal Moran body recovered) । তিনিচুকীয়া জিলাৰ লিডুৰ কয়লা খনিত ১২ জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ থকা মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ মৃতদেহ অৱশেষত উদ্ধাৰ হয় (Pranjal Moran missing case) ।
শুকুৰবাৰে পুৱাতেই অসম আৰক্ষীৰ মহাপৰিদৰ্শক জিৎমল দ’লেয়ে (IGP Jitmal Dole) প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণক ফোন কৰি প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ কথা অৱগত কৰে । আনহাতে, লিডুৰ মৃতদেহ উদ্ধাৰস্থলীলৈ পৰিয়ালৰ লোক আহিব পাৰিব বুলি মহাপৰিদৰ্শকগৰাকীয়ে প্ৰকাশ কৰে (Lidu coal field murder case) । লগতে সন্ধিয়ালৈকে মৃতদেহটো পৰিয়ালৰ হাতত অৰ্পণ কৰিব পৰা যাব বুলিও তেওঁ ফোনযোগে নিশ্চিতি প্ৰদান কৰে । ইফালে আইজিপিৰ পৰা এই বাৰ্তা লাভ কৰাৰ পাচতেই নিহত প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে লিডুৰ কয়লা খনিৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ যাত্ৰা আৰম্ভ কৰিছে ৷
সমান্তৰালভাৱে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও (DGP GP Singh tweet on Pranjal Moran case) টুইট কৰি প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কথাটো ঘোষণা কৰে । লগতে এই ঘটনাৰ উচিত তদন্ত কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷ উল্লেখযোগ্য যে বিগত ১২ জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল লিডুৰ কয়লা খনিত কৰ্মৰত মাকুমৰ প্ৰাঞ্জল মৰাণ (Pranjal Moran murder case) । ইফালে প্ৰাঞ্জল মৰাণৰ ঘটনাৰ সন্দৰ্ভত যোৱা ৪ ফেব্ৰুৱাৰীতে লিডু আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও তদন্তত ক'ৰবাত সুৰুঙা ৰৈ গৈছিল । যাৰ কাৰণে পত্নী উৰ্বশী মৰাণে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কাষ চাপিবলগা হৈছিল ৷