অসম

assam

ETV Bharat / state

আন্দোলনৰ বাবে অসমৰ উদ্যোগীকৰণ হৈ উঠা নাইঃ চন্দ্ৰ মোহন পাটোৱাৰী - অসম উদ্যোগীকৰণ

তিনিচুকীয়া জিলা উপায়ুক্তৰ সভাগৃহত উদ্যোগ বিভাগৰ শীৰ্ষ বিষয়া কৰ্মচাৰী,তিনিচুকীয়া জিলাৰ সমূহ উদ্যোগপতি, ব্যৱসায়ীৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ৷ দল সংগঠনৰ আন্দোলনৰ বাবেই তিনিচুকীয়াত উদ্যোগ গঢ়ি নুঠা বুলি সভাগৃহত সাংবাদিকৰ আগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে শীঘ্ৰে মাৰ্ঘেৰিটাত কয়লা তাপ বিদ্যুৎ প্ৰকল্প হব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

চন্দ্ৰ মোহন পাটোৱাৰী

By

Published : Sep 15, 2019, 12:58 PM IST

তিনিচুকীয়া,১5ছেপ্টেম্বৰঃ "আন্দোলনৰ বাবে অসমৰ উদ্যোগীকৰণ হৈ উঠা নাই" এই মন্ত্ৰব্য ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পটোৱাৰীৰ। উজনি অসম ভ্ৰমণলৈ আহি শনিবাৰে নিশা তিনিচুকীয়া জিলা উপায়ুক্তৰ সভাগৃহত উদ্যোগ বিভাগৰ শীৰ্ষ বিষয়া কৰ্মচাৰী,তিনিচুকীয়া জিলাৰ সমূহ উদ্যোগপতি, ব্যৱসায়ীৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ৷

চন্দ্ৰ মোহন পাটোৱাৰী

দল সংগঠনৰ আন্দোলনৰ বাবেই তিনিচুকীয়াত উদ্যোগ গঢ়ি নুঠা বুলি সভাগৃহত সাংবাদিকৰ আগত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে শীঘ্ৰে মাৰ্ঘেৰিটাত কয়লা তাপ বিদ্যুৎ প্ৰকল্প হ'ব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে বাঘ জান চাহ বাগিচাত অইল ইণ্ডিয়া লিমিটেডে প্ৰচুৰ পৰিমাণৰ গেছ থকাৰ বিষয়ে উল্লেখ কৰাৰ লগতে উক্ত চাহ বাগিচা খনত ভিন্ন দল সংগঠনে অইল ইণ্ডিয়া লিমিটেডক গেছ উৎপাদন কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।


ABOUT THE AUTHOR

...view details