অসম

assam

Reserve trees for Hoolock Gibbon family : কালিয়া, টুইক, ৰঙীহঁতৰ বাবে সংৰক্ষণ ৩২ বছৰীয়া পুৰণি গছ

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 9:22 AM IST

Updated : Sep 16, 2023, 6:39 PM IST

ৰাজ্য চৰকাৰে অমৃত বৃক্ষ অভিযানৰ নামত ৰাজকোষৰ পৰা কোটি কোটি টকা খৰচ কৰাৰ সময়তে চৰ্চাত আহিছে তিনিচুকীয়াৰ এটা পৰিয়াল ৷ কিয় চৰ্চিত পৰিয়ালটো ? অমৃত বৃক্ষৰ লগত কি সম্পৰ্ক পৰিয়ালটোৰ ?

Etv BharatReserve trees for Hoolock Gibbon family
দুষ্প্ৰাপ্য প্ৰজাতিৰ হলৌবান্দৰৰ বাবে গছ সংৰক্ষণ

দুষ্প্ৰাপ্য প্ৰজাতিৰ হলৌবান্দৰৰ বাবে গছ সংৰক্ষণ

তিনিচুকীয়া, ১৬ ছেপ্টেম্বৰ :তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকু গাঁৱৰ এজন বিশেষ ব্যক্তি ৷ নাম মহিত চেতিয়া ৷ বৰ্তমান সময়ত মহিত চেতিয়া চৰ্চাত অহাৰ মূল কাৰণটোয়েই হৈছে তেওঁৰ বাৰীত থকা প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ আৰু চাৰিটা দুষ্প্ৰাপ্য প্ৰজাতিৰ হলৌবান্দৰ ৷

যিটো সময়ত বহু ডাঙৰ ডাঙৰ বিল্ডিং, পথ, উদ্যান আদি নিৰ্মাণৰ নামত বনাঞ্চল তথা গছ-গছনিসমূহ কাটি তহিলং কৰাৰ বাবে ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰি অমৃত বৃক্ষ অভিযানৰ দৰে এক কাৰ্যসূচী গ্ৰহণ কৰিছে, তেনে সময়তে মহিত চেতিয়াই বনৰীয়া হলৌবান্দৰ কেইটাৰ মৰমত নিজৰ বাৰীত ৰাখিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ ৷

তেওঁৰ বাৰীত আছে ৩২ বছৰীয়া পুৰণা আৰু ওপৰলৈ চাই ডিঙি বিষাই যোৱাৰ সমান ওখ গছ । কিয়নো হলৌ বান্দৰে ওখ গছত সুৰক্ষিতভাৱে আশ্ৰয় লয় ৷ মহিত চেতিয়াই নিজা প্ৰচেষ্টাৰে বাৰীখন গঢ়ি তুলিছে হলৌবান্দৰে বিচৰাৰ দৰে এক পৰিৱেশ ৷ বিভিন্ন ফলমূলৰ লগতে ওখ ওখ গছেৰে ভৰা বাৰীখন গঢ়ি তুলিছে এক বনাঞ্চলৰ দৰে পৰিৱেশৰ ৷ কোনো সময়তে তেওঁ নাকাটে এই প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ ৷

উল্লেখযোগ্য যে, বৃহত্তৰ বাৰেকুৰি অঞ্চলটোত পাঁচটাকৈ পৰিয়ালত মুঠ ২৩ টাকৈ বনৰীয়া হলৌ বান্দৰ ঘৰচীয়া জীৱ-জন্তুৰ দৰে মানুহৰ বাৰীতে বাস কৰি আছে ৷ যাৰ কাৰণে বাৰেকুৰিলৈ প্ৰতিদিনাই দেশ-বিদেশৰ পৰ্যটকৰ লগতে হলৌবান্দৰৰ ওপৰত অধ্যয়ন কৰিবলৈ বহুটো ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটে ৷

পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা থকা বাৰেকুৰি অঞ্চলটোত চৰকাৰৰ তৰফৰ পৰা অৱহেলিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দীঘলসাঁকু গাঁৱৰ মহিত চেতিয়াই ৷ প্ৰমিলা ৰাণী ব্ৰহ্মই বনমন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ৰ মহিত চেতিয়াৰ বাসগৃহত উপস্থিত হৈ হলৌবান্দৰ চাই গাঁৱখন আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ’ব বুলি কথা দিছিল যদিও সেয়া বাস্তৱত ৰূপায়িত নহ’ল ৷

মাত্ৰ হলৌবান্দৰক কল খোৱাবলৈ ১০ হাজাৰ টকা প্ৰদান কৰিয়েই তেওঁ সামৰিলে দায়িত্ব ৷ গতিকে বাৰেকুৰিত হলৌবান্দৰ সংৰক্ষণৰ লগতে বাৰেকুৰিক পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ চৰকাৰৰ অসম পৰ্যটন নিগম, অইল ইণ্ডিয়া লিমিটেডৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে পৰিৱেশ কৰ্মী মহিত চেতিয়াই ৷

লগতে পঢ়ক :Nipah virus in Kozhikode : নিপা ভাইৰাছে ছানি ধৰিছে কেৰালাৰ কোজিকোড; ২৪ ছেপ্টেম্বৰলৈকে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

Last Updated : Sep 16, 2023, 6:39 PM IST

ABOUT THE AUTHOR

...view details