অসম

assam

লিডুত পূজা আয়োজন কৰি পলায়ন ভণ্ড বাবা

By

Published : Jun 8, 2019, 8:42 PM IST

অত্যাধিক অন্ধবিশ্বাসৰ বাবেই তিনিচুকীয়াৰ কয়লানগৰী খ্যাত লিডুৰ শতাধিক পৰিয়াল ভণ্ড বাবাৰ প্ৰবঞ্চনাৰ বলি হয় ৷ নিৰ্ধাৰিত দিন অনুযায়ী শনিবাৰে আয়োজন কৰা মা শীতলা পূজা চলি থকা সময়তে পলায়ন কৰে বাবাই ৷

লিডুত পূজা আয়োজন কৰি পলায়ন ভণ্ড বাবা

তিনিচুকীয়া, 8 জুন: পূজা আয়োজনৰ নামত প্ৰবঞ্চনা ভণ্ড বাবাৰ ৷ তিনিচুকীয়াৰ লিডুত সংঘটিত এই কাণ্ড ৷ পূজা আয়োজনৰ নামত শতাধিক পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰি অন্তৰ্ধান ভণ্ড বাবা ৷ উল্লেখ্য যে, অত্যাধিক অন্ধবিশ্বাসৰ বাবেই তিনিচুকীয়াৰ কয়লানগৰী খ্যাত লিডুৰ শতাধিক পৰিয়াল ভণ্ড বাবাৰ প্ৰবঞ্চনাৰ বলি হয় ৷ নিৰ্ধাৰিত দিন অনুযায়ী শনিবাৰে আয়োজন কৰা মা শীতলা পূজা চলি থকা সময়তে পলায়ন কৰে বাবাজন ৷ সমীৰ দত্ত নামৰ ভণ্ড বাবাজনে 108 টা পৰিয়ালৰ পৰা 10 সহস্ৰাধিক টকা সংগ্ৰহ কৰি উধাও হয় । পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ পাচত ব্যয় কৰাৰ সময়তে সংগ্ৰহ কৰা ধন লৈ উধাও হয় বাবাজন ৷ নিজকে জাগুনৰ বুলি পৰিচয় দিয়া ব্যক্তিজনৰ বৰ্তমান ম'বাইল বন্ধ । আনহাতে, ঠিকনা অনুসৰি স্থানীয় ৰাইজে খবৰ লৈ গম পায় যে জাগুনৰ মিৰি গাৱঁত নাই তেনে নামৰ কোনো ব্যক্তি নাই ।

লিডুত পূজা আয়োজন কৰি পলায়ন ভণ্ড বাবা

ABOUT THE AUTHOR

...view details